নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিৰ কেকুঁৰি পঞ্চায়তত আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপেচিত্ৰাংকন আৰু সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে উদযাপিত আজাদী কা অম্‌ত মহোৎসৱ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ  কাৰ্যসূচীৰ অংশ হিচাপে আজি ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তগত কেকুঁৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ত ছাত্ৰছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু প্ৰাক্তন সৈনিকক সম্বৰ্ধনাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সোণাৰি চাপৰি আৰু কেকুঁৰিৰ ১২ টা ভিঅক লৈ গঠন কৰা এনাজৰী মণ্ডল প্ৰৰ্যায়ৰ উদ্যোগত আৰু কেকুঁৰি গাওঁ পঞ্চায়তৰ সহযোগত আজাদী কা অম্‌ত মহোৎসৱ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতামূলক কাৰ্যসূচীৰ অংশ হিচাপে  আজি কেকুঁৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ত পঞ্চায়ত সভাপতি উজ্জ্বল চুতীয়াৰ সভাপতিত্বত  অনুস্থিত চিত্ৰাংকন আৰু সম্বৰ্ধনা সভাত আঞ্চলিক পঞ্চায়তৰ সদস্যা, কেকুঁৰি গাওঁপঞ্চায়তৰ সচিব, ৰোজগাৰ সহায়ক আদিৰ লগতে আত্মসহায়ক গোটৰ বিঅ, এনাজৰী মণ্ডল প্ৰৰ্যায়ৰ সভানেত্ৰী, সম্পাদিকা,জীৱিকা সখী, পশু সখী, ভিঅ সমুহৰ বিষয় ববীয়া সকলৰ লগতে বিদ্যালয় সমুহৰ ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলৰ লগতে আত্মসহায়ক গোট সমুহৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like