নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বোৱাৰীক জ্বলাই হত্যা কৰাৰ চেষ্টাঃ স্বামী সন্তোষক জেললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: এগৰাকী বোৱাৰীক জ্বলাই হত্যা কৰাৰ চেষ্টা চলোৱা ঘটনাই ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।সৌভাগ্যক্ৰমে মৃত্যুৰ দুৱাৰ দলিৰ পৰা ঘূৰি আহিল বোৱাৰী গৰাকী।ডিব্ৰুগড়ত জীৱন্তে জ্বলাই হত্যা কৰাৰ প্ৰচেষ্টা তথা বোৱাৰীক অকথ্য নিৰ্যাতন চলোৱা ঘটনাই বৰ্তমানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এগৰাকী বোৱাৰীক স্বামী গৃহই জ্বলাই হত্যা কৰাৰ অপচেষ্টাৰ অভিযোগত আৰক্ষীয়ে গিৰিয়েকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে।ঘটনাৰ বিবৰণী মতে ডিব্ৰুগড় চহৰৰ উপকণ্ঠ লেকাই ঠাকুৰথানত সংঘটিত হৈছে এই জঘন্য কাৰ্য।এগৰাকী ২২ বছৰীয়া বোৱাৰীক স্বামীগৃহৰ লোকে কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰিছিল যদিও সৌভাগ্যক্ৰমে বোৱাৰীগৰাকীৰ প্ৰাণ ৰক্ষা হয়, যদিও গুৰুতৰ ভাৱে অগ্নিদগ্ধ বোৱাৰী গৰাকীক অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।ঘটনাৰ সন্দৰ্ভত বোৱাৰী গৰাকীৰ পিতৃ গৃহৰ পৰা আৰক্ষীক এজেহাৰ দাখিল কৰাত স্বামী সন্তোষ ভগতক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।ঘটনাৰ বিবৰণী মতে মাত্ৰ এবছৰৰ পূৰ্বে বিহাৰৰ সাৰিতা দেৱীয়ে ডিব্ৰুগড়ৰ লেকাই ঠাকুৰথানৰ সন্তোষ ভগতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।বিবাহৰ কেইমাহমানৰ পিছৰ পৰাই স্বামীগৃহই সাৰিতাক যৌতুক বিচাৰি অত্যাচাৰ কৰিবলৈ ধৰে।আনহাতে স্বামীগৃহৰ লোকে সাৰিতাৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই হত্যা কৰাৰ অপচেষ্টা কৰে‌। গুৰুতৰ ভাবে অগ্নিদগ্ধ সৰিতাক মেডিকেললৈ অনা হয় যদিও সাৰিতাৰ পিতৃ গৃহলৈ খবৰ দিয়া হোৱা নাছিল।হস্পিটেলৰ বিচনাত সংজ্ঞাহীন হৈ পৰি থকা সাৰিতাৰ সংজ্ঞা ঘূৰি অহাত যোৱা ৪ আগষ্টত চিকিৎসাধীণ হৈ থকা কাষৰ ৰোগী এগৰাকীৰ মোবাইল ফোনেৰে ঘৰলৈ ফোন কৰি সবিশেষ কয়।খবৰ পাই সাৰিতাৰ জ্যেষ্ঠ ভাতৃ ডিব্ৰুগড়লৈ আহে আৰু ডিব্ৰুগড় থানাত এজেহাৰ দাখিল কৰাত সাৰিতাৰ স্বামী সন্তোষ ভগতক গ্ৰেপ্তাৰ কৰে।অৱশেষত সৰিতা দেৱীৰ ভাতৃ সাৰিতাক স্বামী গৃহৰ পৰা লৈ যোৱাৰ সিদ্ধান্ত লোৱা ভাতৃয়ে এই ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীৰ কঠোৰ শাস্তি বিচাৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like