সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত কৰিলে কম্পিউটাৰ চুৰি;
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: সমগ্ৰ দেশে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতিৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ দিনাই লখিমপুৰ জিলাৰ বৰদলনী শিক্ষাখণ্ডৰ অন্তগত সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ কম্পিউটাৰ কক্ষৰ পৰা দুটাকৈ কম্পিউটাৰ চুৰি হোৱা ঘটনাই প্ৰতিক্ৰিয়া স্ষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী মতে সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ কম্পিউটাৰ কক্ষৰ এখন কাঠা খিৰিকীক আশ্ৰয় কৰি কোনো দুস্ক্তিকাৰীয়ে পকী ৱেৰ বগাই কম্পিউটাৰ কক্ষত প্ৰবেশ কৰি দুটা মণিটৰ, এটা চিপিঅৰ লগতে কেতবৰ কম্পিউটাৰ সজুঁলি চুৰ কৰি নিয়ে ৷ আজি বিদ্যালয়খনত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপনক লৈ ব্যস্ত থকাৰ সময়তে কম্পিউটাৰ কক্ষৰ দুৱাৰ খোলাৰ পিছতে চুৰি কাৰ্যৰ বিষয়ে জানিব পাৰি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ লাগে ৷ ঘটনাৰ সন্দভত বিদ্যালয় প্ৰধান ৰীনামাই চুতীয়াই সোণাৰি চাপৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰাত ভাৰপ্ৰাপ্ত প্ৰভাৰী ক্ষ্ণ বৰ্মন চেত্ৰিয়ে স্ব জমিন তদন্ত কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো লোককে আটক কৰা নাই ৷ আনহাতে সোণাৰি চাপৰি অঞ্চলৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা শিক্ষানুষ্ঠান সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ পৰা কম্পিউটাৰ চুৰ কৰি নিয়া কাৰ্যত আচাৰ্য প্ৰকাশ কৰি এনে কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে অনতিপলমে দুখিক কৰায়ত্ত কৰি নজিৰ বিহিন শাস্তিৰ দাবী জনাইছে সোণাৰি চাপৰি অঞ্চলৰ সমুহ জনসাধাৰণৰ লগতে বিভিন্ন দল সংগঠন সমুহেও ৷
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি