নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীৰ সন্মুখতেই পত্নীক ডিঙি কাটি হত্যাঃ ৩ লাখ লুট

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নতুন বছৰৰ প্ৰথম দিনটোতে ভয়ংকৰ ঘটনা সংঘটিত হ’ল তেজপুৰত । কালি পুৱতী নিশা প্ৰায় ৩.৩০ বজাত তেজপুৰৰ পাৰোৱাৰ কালী মন্দিৰৰ সমীপৰ অজিত পণ্ডিতৰ ২৬ বছৰীয়া পত্নী তথা এটি তিনিবছৰীয়া সন্তানৰ মাতৃ ৰূপা দেৱীক সন্মুখতে দুজনীয়া ডকাইতৰ দলে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে ।

ডকাইত দুটাই ক্ষুদ্ৰ ব্যৱসায়ী অজিতে সংগ্রহ কৰি থোৱা সঞ্চয় গোটৰ তিনি লাখ টকাসহ পৰিয়ালটোৰ সোণৰ আ–লংকাৰ ভাবুকি প্রদর্শনেৰে লুট কৰে৷ হাতত খুকুৰি লৈ অহা দুই ডকাইতৰ এজনক অজিতে সুযোগ বুজি গবা মাৰি ধৰাৰ লগে লগে আনজন ডকাইতে চোকা অস্ত্রৰে অজিতৰ পত্নী ৰূপাক খুকুৰিৰে ডিঙিত আঘাত কৰি উঠি অহা চাৰিচকীয়া বাহন লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়লৈ অনাৰ পথতে মৃত্যু হয়৷

এই নৃশংস ঘটনাৰ পছতে অঞ্চলটোত হুৱাদুৱা লাগে আৰু ঘটনাস্থলীত সমৱেত লোকে স্থানীয় মহাভৈৰৱ আৰক্ষীক খবৰ দিয়াৰ চেষ্টা চলাই ব্যর্থ হ’বলগীয়া হয়৷ অভিযোগ অনুসৰি, ৰাইজে কৰা ফোন আৰক্ষীয়ে গ্রহণেই কৰা নাছিল আৰু হত্যাকাণ্ডটোৰ প্রায় তিনি ঘণ্টাৰ পাছতহে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়গৈ৷ আৰক্ষীৰ এনে নিষ্ক্রিয় ভূমিকাৰ প্রতিবাদত আৰু দুষৃকতিকাৰীক কৰায়ত্ত কৰাৰ দাবীত ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কৰে৷

পুৱা আঠ বজাৰ পৰা এই পথ অৱৰোধ কৰা ক্ষুব্ধ আৰু আতংকিত ৰাইজে প্রকাশ কৰে যে ইয়াৰ পূর্বে নকল সোণৰ বেপাৰ কৰা তথা ডকাইতিত লিপ্ত থকা যুৱকক ৰাইজে অস্ত্রসহ কৰায়ত্ত কৰি মহাভৈৰৱ আৰক্ষীক গতাই দিছিল যদিও আৰক্ষীয়ে প্রমাণৰ অভাৱ বুলি অজুহাত প্রদর্শন কৰি সেই যুৱকক মুকলি কৰি দিছিল৷

উল্লেখ্য যে চাৰিজনীয়া এটা যুৱকৰ দলে একেটা অঞ্চলত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত ৰাইজে এজনক কৰায়ত্ত কৰিছিল আৰু প্রায় এমাহ পূর্বে কৰায়ত্ত হোৱা যুৱকজনে ডকাইতি আৰু নকল সোণৰ বেপাৰ কৰা আৰু মানুহৰ ধন কাঢ়ি লোৱাৰ কথাও স্বীকাৰ কৰিছিল৷ পুৱা দহ বজাত স্থানীয় ৰাইজে দণ্ডাধীশ আৰু উপ–আৰক্ষী পৰিদর্শকৰ বুজনিত পথ অৱৰোধ কার্যসূচী উঠাই লয়৷ ৰাইজৰ দাবী মতেই ঘটনাৰ তদন্তৰ দায়িত্ব মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াজনৰ সলনি আন দক্ষ বিষয়াক অর্পণ কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে৷ হত্যাকাৰীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক স্থানীয় ৰাইজে তিনি দিনৰ সময়সীমা বান্ধি দিছে৷

You might also like