নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীৰ পাকাবেতবাৰীৰ কয়াকুছি পথাৰ চক্ৰত ৰাষ্ট্ৰীয় পোষণ পষেক’ পালন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ৰপেটা জিলাৰ পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ তত্ত্বাৱধানত কয়াকুছি পথাৰ চক্ৰৰ অন্তৰ্গত ১১৫ নং তেলেৰিয়া অংগনবাদী কেন্দ্ৰ কালি চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ পষেক উপলক্ষে এক থলুৱা শাক- পাচলিৰ প্ৰদৰ্শনৰ লগতে বিভিন্ন ধৰণৰ খাদ্য ৰন্ধন প্ৰণালী প্ৰদৰ্শন কৰা হয়। এই খাদ্যভ্যাষে কিদৰে সমাজ জীৱনৰ বিশেষকৈ গৰ্ভৱতী মহিলা,প্রসূতি মাতৃৰ স্বাস্থ্য আৰু শিশুৰ ক্ষেত্রত শাৰীৰিক আৰু মানসিক বিকাশত থকা গুৰুত্বৰ কথা এই অনুষ্ঠানত উপস্থিত লোকসকলে অবগত কৰে।উক্ত অনুস্থানত স্থানীয় লোকৰ উপস্থিতিৰ লগতে পাকাবেতবাৰী স‍ংহত শিশু উন্নয়ণ প্রকপ্ল বিষয়া কমল কুমাৰ শৰ্মা আৰু উক্ত চক্রৰ মুখ্য সেৱীকা ললিতা মজুমদাৰ উপস্থিত থাকে।

You might also like