নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত ৰহস্যজনক হত্যাকাণ্ড, মৰিয়াই মৰিয়াই হত্যা এজনক

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ হাজোৰ ৰামদিয়াৰ বঙালতোলাত চাঞ্চল্যকৰ হত্যাকাণ্ড। মৰিয়াই মৰিয়াই নৃশংস হত্যা হৰেকৃষ্ণ কলিতা নামৰ এজন লোকক। বৰ্তমানলৈ জানিব পৰা নাই হত্যাৰ কাৰণ।

    জানিব পৰা মতে বৰপেটা জিলাৰ ওদালগুৰি গাঁৱৰ বাসিন্দা হৰেকৃষ্ণ কলিতা নামৰ লোকজন হাজোৰ ৰামদিয়াৰ বঙালতোলাৰ পৰেশ ভৰালী নামৰ লোকজনৰ ঘৰলৈ আহিছিল।কিন্তু ৰহস্যজনকভাৱে পৰেশ ভৰালীৰ পত্নী অনিতা ভৰালীক মূৰত আঘাত কৰে হৰেকৃষ্ণ ডেকাই। তাৰপিছতেই পৰিয়ালৰ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে লোকজনক। হত্যাকাণ্ডত জড়িতৰ সন্দেহত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী মহিলাসহ গ্ৰেপ্তাৰ জনাৰ্দন ভৰালী, দীপজ্যোতি ভৰালী, দ্বীজেন ডেকা। হৰেকৃষ্ণ ডেকাৰ বাহনখনো ভাঙি চূৰমাৰ কৰে পৰিয়ালৰ লোকে।

     আনহাতে পত্নীৰ চিকিৎসাৰ বাবে GMCH লৈ অনা পৰেশ ভৰালীক ভঙাগড় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কোনো কথাত মতানৈক্য হোৱাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে কিন্তু সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য।

 

You might also like