নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত পিতৃসহ দুমহীয়া শিশু ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা, ২০ মেঃ নগাঁৱৰ আৰু দুগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ দুয়োৰে সংগৃহীত নমুনাৰ পৰীক্ষাৰ প্রতিবেদনত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷ নগাঁৱৰ ক’ৰোনা আক্রান্ত দুয়োগৰাকীয়েই বিদ্যার্থী৷ ক’ৰোনা আক্রান্ত এই ছাত্র–ছাত্রী দুগৰাকী হ’ল– নগাঁও চহৰৰ হয়বৰগাঁও শান্তিপুৰৰ ড০ গুহ ৰোডৰ শংকিত ঘোষ  আৰু চহৰখনৰ আমোলাপট্টিৰ গণতন্ত্র প্রেছ তিনিআলিৰ হিমাশ্রী বৰা  ৷

স্মর্তব্য যে শংকিত নগাঁও চহৰৰ বৰবজাৰৰ হোটেল এ এম পেলেচত আৰু হিমাশ্রীয়ে আমোলাপট্টিৰ নিজা বাসগৃহতে কোৱাৰেণ্টাইন হৈ আছিল৷ শংকিতে যোৱা ১৫ মে’ৰ পৰা আৰু হিমাশ্রীয়ে ১৬ মে’ৰ পৰা কোৱাৰেণ্টাইন হৈ আছে৷ এই ছাত্র–ছাত্রী দুগৰাকীক লৈ  কালি পর্যন্ত জিলাখনত ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা তিনিগৰাকীলৈ বৃদ্ধি পায়৷

নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্রৰ পৰা জানিব পৰা মতে, নগাঁও চহৰৰ হয়বৰগাঁও শান্তিপুৰৰ শংকিত ঘোষে এইবাৰ চহৰখনৰ কলং কপিলী জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক (বাণিজ্য) চূডান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল৷ পৰীক্ষা অন্ত পৰাৰ পিছত শংকিতে তেওঁৰ মাতৃ চম্পা ঘোষৰ সৈতে যোৱা ৯ মার্চত পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল৷ কিন্তু ২৪ মার্চৰ পৰা লকডাউন বলৱতৰ বাবে তেওঁলোক নিউ জলপাইগুৰিতে আবদ্ধ হৈ থাকিবলগীয়া হয়৷ শংকিত আৰু তেওঁৰ মাতৃ আহি যোৱা ১৫ মে’ত ৰে’লযোগে চাপৰমুখ জংচন পায়হি৷ তাতেই তেওঁলোকৰ স্ক্রীনিং সম্পন্ন কৰি শংকিত আৰু তেওঁৰ মাতৃক চহৰখনৰ বৰবজাৰৰ হোটেল এ এম পেলেচত কোৱাৰেণ্টাইন কৰা হয়৷ সেই দিনাই তেওঁলোকৰ ছোৱাব সংগ্রহ কৰি ক’ভিড–১৯ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হৈছিল৷

মঙলবাৰে তেওঁলোকৰ নমুনাৰ পৰীক্ষাৰ প্রতিবেদন প্রকাশ পাইছে৷ সেইমর্মে শংকিতৰ ক’ভিড–১৯ পজিটিভ ওলাইছে৷ অৱশ্যে তেওঁৰ মাতৃ চম্পা ঘোষৰ ক’ভিড–১৯ নিগেটিভ৷ পিছত জিলা স্বাস্থ্য বিভাগে ক’ৰোনা আক্রান্ত শংকিত ঘোষক গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ স্থানান্তৰ কৰে৷ ইপিনে, নগাঁও জিলা প্রশাসনে বৰবজাৰ এলফিনষ্টোন চাৰিআলি এলেকাটোক অৱৰুদ্ধ এলেকা হিচাপে ঘোষণা কৰি সেই এলেকাত আহযাহ নিষিদ্ধ কৰিছে৷ আনহাতে, নগাঁৱৰ তৃতীয়গৰাকী ক’ভিড–১৯ পজিটিভ হিমাশ্রী বৰাৰ ঘৰ নগাঁও চহৰৰ মাজমজিয়াৰ আমোলাপট্টিত৷ ৰাজস্থানৰ এক অভিজাত শিক্ষা প্রতিষ্ঠানত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ (বিডিএছ) দ্বিতীয় বর্ষৰ ছাত্রী আছিল হিমাশ্রী৷ যোৱা ১৬ মে’ত তেওঁ ৰে’লযোগে অসমলৈ আহে৷ সৰুসজাইত তেওঁৰ স্ক্রীনিং সম্পন্ন কৰাৰ লগতে তাতেই তেওঁৰ ছোৱাব সংগ্রহ কৰা হৈছিল৷ পিছত স্বাস্থ্য বিভাগে তেওঁক হোম কোৱাৰেণ্টাইনৰ পৰামর্শ দি ঘৰলৈ যাবলৈ অনুমতি দিয়ে৷

নগাঁও জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, ছাত্রীগৰাকী হোম কোৱাৰেণ্টাইন হৈ থকাৰ কথা তেওঁলোকে নগাঁও জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগক অৱগত কৰোৱা নাছিল৷ আজি ছাত্রীগৰাকীৰ নমুনাৰ পৰীক্ষাৰ প্রতিবেদন প্রকাশ পোৱাৰ পিছত তেওঁৰ পিতৃ–মাতৃ আৰু আমোলাপট্টিবাসী বিমর্ষ হৈ পৰে৷ আতংকিত হৈ পৰে আমোলাপট্টি অঞ্চলবাসীৰ লগতে নগাঁও চহৰবাসী৷ লগে লগেই নগাঁও জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ মাজত হুৱাদুৱা লাগে৷ পিছত আজি বিয়লি স্বাস্থ্য বিভাগৰ লোক আহি আক্রান্ত ছাত্রীগৰাকীক গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ লৈ গৈ তাত ভর্তি কৰে৷ ছাত্রীগৰাকীৰ সৈতে তেওঁৰ মাতৃ হোমেশ্বৰী কাকতিকো গুৱাহাটীলৈ লৈ যোৱা হৈছে৷ মাতৃগৰাকীকো কোৱেৰাণ্টাইন কৰা হ’ব৷

ইপিনে, স্বাস্থ্য বিভাগৰ লোকে ছাত্রীগৰাকীৰ পিতৃ, বায়েক আৰু ঘৰখনলৈ আহযাহ কৰা পৰিয়ালৰ আন সদস্য, তেওঁলোকৰ দুজন ভাৰাতীয়াৰো স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰো ছোৱাব সংগ্রহ কৰিছে৷ আজি নগাঁও জিলা প্রশাসনে তেওঁৰ বাসগৃহ থকা আমোলাপট্টি গণতন্ত্র প্রেছ তিনিআলি অঞ্চলটোক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ লগতে সংশ্লিষ্ট অঞ্চলটোৰ লগত আহযাহ বন্ধ কৰি দিয়া হৈছে৷

You might also like