হোজাইত “লিংগ আধাৰিত মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে হিংসা” শীৰ্ষক বিষয়ৰ ওপৰত কৰ্মশালা
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ আজি হোজাই সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ সহযোগত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত “লিংগ ভিত্তিক মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে হিংসা” শীৰ্ষক বিষয়ৰ ওপৰত এক কৰ্মশালা আৰু সজাগতা সমদলৰ আয়োজন কৰা হয়।কৰ্মশালাৰ কাৰ্যসূচী আৰম্ভণিৰ পূৰ্বে বিভিন্ন বিভাগৰ পৰা অহা বিষয়া আৰু সমাজ কল্যাণ বিভাগৰ বিভিন্ন স্তৰৰ কৰ্মচাৰীৰ যোগদানেৰে উলিওৱা সচেতনতামূলক সমদলৰ আনুষ্ঠানিক ফ্লেগ অফ কৰে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে।
উক্ত কৰ্মশালাত জিলা সমাজ কল্যাণ বিভাগৰ ভা: বিষয়া মণিকা বৰঠাকুৰ, হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ সচিব, চালেহ আহমেদ, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, জিলা শিশু কল্যাণ সমিতিৰ অধক্ষ্য, প্ৰদীপ বাগচিকে প্ৰমুখ্যে কৰি জিলাৰ বিভিন্ন সমল ব্যক্তি উপস্থিত থাকি নাৰীৰ ওপৰত হৈ থকা বিভিন্ন হিংসাত্মক কার্য- কলাপ প্ৰতিৰোধ আৰু নিৰাময়ৰ ওপৰত আলোকপাত কৰে।