নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকি কৌশল আৰু কেটৰিনাৰ বিয়াৰ নিৰাপত্তাৰ দায়িত্বত ভাইজানৰ নিৰাপত্তাৰক্ষী শ্বেৰা

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিয়াক লৈ অনুৰাগীসকলৰ উৎকণ্ঠাৰ অন্ত নাই। সকলোৱে দুয়োকে একেলগে চাবলৈ অপেক্ষা কৰি আছে। কিন্তু দুয়োগৰাকীয়ে তেওঁলোকৰ এই বিবাহত গোপনীয়তা বজাই ৰাখিছে।

ৰাজস্থানত চলিছে ৰাজকীয় বিয়াৰ প্ৰস্তুতি। ৰাজস্থানৰ ৰাজস্থানৰ ৰাজকীয় ৰিজ’ৰ্টত বিবাহ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা প্ৰায় সকলোৱে একো একোজন উচ্চ প্ৰফাইলৰ বিষয়া। যাৰবাবে এই অনুষ্ঠানক লৈ সুৰক্ষাৰ দিশটোত বহু গুৰুত্ব দিয়া দেখা গৈছে।

এক সূত্ৰ মতে ভাইজানৰ পৰিয়ালে কেটৰিনাৰ বিয়ালৈ নিমন্ত্ৰণ পোৱা নাই। কিন্তু ছালমানৰ নিৰাপত্তাৰক্ষী শ্বেৰাই কেটৰিনাৰ নিৰাপত্তাৰ দায়িত্বত আছে। টাইগাৰ চিকিউৰিটি চাৰ্ভিচেছছএ ৰাজস্থানৰ ৰাজকীয় ৰিজ’ৰ্টৰ নিৰাপত্তা পৰিচালনা কৰিব। লগতে ৰাজস্থান আৰক্ষীয়ে জয়পুৰৰ পৰা ১০০ জন বাউন্চাৰ নিয়োগ কৰিছে।

জানিব পৰা মতে মুম্বাইলৈ ওভতাৰ পিছত বলীউডৰ তাৰকাসকলৰ বাবে এটা ৰিচেপচন পাৰ্টীৰ আয়োজন কৰিব দুই তাৰকাই। লগতে বিয়াৰ পিছত মুম্বাইৰ বিলাসবহুল এপাৰ্টমেণ্টত থাকিব তাৰকা যুটীয়ে।

You might also like