নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০৭ মাদ্রাছাক অবৈধ ঘোষণা যোগীৰ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: উত্তৰ প্রদেশত ৩০৭খন মাদ্রাছাক অবৈধ ঘোষণা কৰিছে যোগী আদিত্যনাথ চৰকাৰে৷ এই মাদ্রাছাসমূহে একাধিক চৰকাৰী বিধি উলংঘন কৰা বাবে আদিত্যনাথ চৰকাৰে মাদ্রাছাসমূহক অবৈধ ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ অবৈধ ঘোষিত মাদ্রাছাসমূহৰ ভিতৰত আছে ইছলামিক শিক্ষাকেন্দ্র দাৰুল উল্লামো৷ মাদ্রাছাবোৰৰ প্রশাসনিক সমীক্ষাৰ পিছতে চৰকাৰী সিদ্ধান্ত গ্রহণ কৰা হয় বুলি এক বিবৃতিত সদৰী কৰা হৈছে৷ উল্লেখনীয় যে মাদ্রাছাসমূহৰ যাৱতীয় নথি পৰীক্ষা কৰাৰ পিছত জিলা প্রশাসনে প্রতিবেদন দাখিল কৰে চৰকাৰৰ ওচৰত৷ এই প্রতিবেদন পোৱাৰ পিছতে চৰকাৰে কঠোৰ সিদ্ধান্ত লৈছে৷

You might also like