ৰঙাপৰা সমষ্টিৰ চিলনী গাঁও পঞ্চায়তত ধান ক্ৰয় সন্দৰ্ভত সজাগতা শিবিৰ তথা বিশেষ গাঁও সভা সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আজি শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ চিলনী গাঁও পঞ্চায়তত আজি পঞ্চায়তখনৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, কৃষি খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু জিলা গ্ৰামোন্নয়ন বিভাগৰ সহযোগত ধান ক্ৰয় সন্দৰ্ভত এক সজাগতা শিবিৰ তথা এক বিশেষ গাঁও সভা ( খাৰিফকালিন বজাৰ ২০২১-২২ ) অনুষ্ঠিত হয় । গাঁও পঞ্চায়তখনৰ সভাপতি, সমাজকৰ্মী দেনেশ্বৰ পাৱৰ সভাপতিত্বত অনুষ্ঠিত সভাপতিত্বত সভাখনত ৰাজ্যৰ চৰকাৰে কৃষক ৰাইজৰ সুবিধাৰ্থে উচিত মূল্যত ধান ক্ৰয় কৰিব খোজা পদক্ষেপ, ধান খেতি কৰাৰ লাভালাভ, উৎপাদিত ধানৰ উচিত বজাৰ লাভ, কৃষকে উৎপাদিত ধানৰ উচিত বিক্ৰী মূল্য লাভ কৰা , চৰকাৰীভাৱে নিৰ্ধাৰিত মূল্যত ধান ক্ৰয় কৰাৰ ফলত ৰাজ্যৰ কৃষকসকল লাভান্বিত হোৱা, ধান ক্ৰয়/বিক্ৰয় প্ৰমাণপত্ৰ লাভৰ বাবে আবেদন প্ৰক্ৰিয়া, আবেদনৰ বাবে লাগতিয়াল নথি-পত্ৰ, ৰাইজৰ সহযোগিতা, ইত্যাদি বিভিন্ন বিষয়ত সজাগতামূলকভাৱে আলোচনা কৰা হয় আৰু উপস্থিত ৰাইজ, কৃষকৰ সৈতেও মত-বিনিময় কৰা হয় । সভাখনত কৃষি সম্প্ৰসাৰণ বিষয়া (বালিপৰা চক্ৰ ) জয়ন্ত শইকীয়া, চিলনী গাঁও পঞ্চায়তৰ সচিব বাসুদেৱ হাজৰিকা, চিলনী আঞ্চলিক পঞ্চায়তৰ সদস্য লচ্ছু প্ৰসাদ ছেত্ৰী, সমাজকৰ্মী কমিচন মিলি, এগ্ৰিকালছাৰ ইঞ্জিনিয়াৰিং এছিছটেন্ট ডিমছান শইকীয়া, সমাজকৰ্মী বলোভদ্ৰ দাস, চিলনী শক্তি কেন্দ্ৰৰ আহ্বায়ক তুলসী শৰ্মাৰ লগতে পঞ্চায়তৰ এলেকাৰ ভালেমান ৰাইজ, কৃষক, দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে । উল্লেখ্য যে ৰাজ্য চৰকাৰে এইবেলি কৃষকৰপৰা ১,৯৪০ টকা দৰদ ধান ক্ৰয় কৰিব । শোণিতপুৰ জিলা কৃষি বিভাগৰপৰা লাভ কৰা তথ্য অনুসৰি, ৰাজ্য চৰকাৰে শোণিতপুৰত ক্ৰমে ভাৰতীয় খাদ্য নিগমৰ যোগেদি বিন্দুকুৰি, ঢেকিয়াজুলি, তিনিমাইল, জামুগুৰি, বৰছলা ক্ৰয় কেন্দ্ৰ আৰু অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ ক্ৰয় কেন্দ্ৰ ক্ৰমে ঢেকিয়াজুলি আৰু বৰছলাৰপৰা চৰকাৰীভাৱে এই দুই সন্থাৰ যোগেদি কৃষকৰপৰা ধান ক্ৰয় কৰিব ।