নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ত মদ-জুৱাৰ আদ্দা

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ৰঙিয়াত অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ত মদ-জুৱাৰ আদ্দা । কাৰ্যালয় নহয় যেন বাৰহে । জৰুৰীকালীন সেৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই কাৰ্যালয়টোত সজাই থোৱা হৈছে বিধে বিধে বিলাতী সুৰাৰ বটল । ৰঙিয়া নগৰত থকা অগ্নি আৰু আপদকালীন সেৱা আস্থান কাৰ্যালয়টোত প্ৰায়ে মদ আৰু জুৱাৰ মেহফিল চলে ।

সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা মদৰ পাৰ্টিত অংশগ্ৰহণ কৰা বিষয়া-কনিষ্টবলৰ । চৰকাৰী কাৰ্যালয় এটিত এনেদৰে অনৈতিক কাৰ্য চলি থকাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এক গোপন সূত্ৰৰ ভিত্তিত সাংবাদিকৰ দল এটা কাৰ্যালয়টোত প্ৰৱেশ কৰাৰ লগে লগে মদ খাই থকা বিষয়া আৰু কনিষ্টবলে পলায়ন কৰে । এই স্থানতে উদ্ধাৰ হৈছে বিধে বিধে বিলাতী সুৰাৰ শ শ খালী বটল । সুৰাৰ বিপনীৰ দৰেকৈ সজাই থোৱা হৈছে শ শ বিলাতী সুৰাৰ খালী বটল । লগতে উদ্ধাৰ হৈছে ভাঙৰ চিলিম আৰু তাচ পাত । এই কাৰ্যালয়টোৰ এগৰাকী বিষয়াই কেমেৰাৰ সন্মুখতে স্বীকাৰ কৰিলে মাজে সময় এনেধৰণৰ মদ-জুৱা চলে বুলি । জৰুৰীকালীন সময়ত সময়মতে উপস্থিত হব নোৱাৰা অগ্নি নিৰ্বাপন সেৱা ৰঙিয়াত এনেদৰেই চলিছে । এইক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

You might also like