ৰঙিয়াত বিজেপিৰ উদ্যোগত লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী পালন
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেল এগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য ব্যক্তি আছিল । কিন্তু ৰাজনৈতিক পাকচক্ৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হব নোৱাৰিলে । এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাৰ । আজি বিজেপিৰ ৰঙিয়া ব্লক মণ্ডল , নগৰ মণ্ডল , বৰঘুলি মণ্ডল আৰু গোৰেশ্বৰ মণ্ডলৰ উদ্যোগত ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত – বীৰদত্ত ভৱনত লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কলিতাই কয় যে বিচিত্রতাৰ মাজত একতাৰ ধাৰণাই হৈছে ভাৰতীয়ত্ব । বল্লভ ভাই পেটেলৰ এই ধাৰণাকলৈয়ে তেওঁৰ জন্ম জয়ন্তীত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ কাৰ্যসূচী সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো আয়োজন কৰা হৈছে । তেওঁ লগতে কয় যে “আমাৰ জাতি-ধৰ্ম বেলেগ হব পাৰে , কিন্তু পৰিচয় হৈছে ভাৰতীয় । আমি সকলোৱে এক হৈ ভাৰতৰ বৰ্ষক শক্তিশালী আৰু উন্নত কৰাত মনোনিবেশ কৰিব লাগিব ।” উত্তৰ কামৰূপ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত মণ্ডল কেইটাৰ কেবাগৰাকী সমল ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত জিলা সমিতিৰ সভাপতি সুবল পাল , ব্লক মণ্ডলৰ সভাপতি দ্বীপেন শইকীয়া , নগৰ মণ্ডলৰ সভানেত্ৰী দীপ্তি লহকৰ , বৰঘুলি মণ্ডলৰ সভাপতি গজেন বড়ো উপস্থিত থাকে । উক্ত কাৰ্যসূচীত বাঁহী বাদক হীৰকজ্যোতি কলিতা আৰু ঢোলবাদক ৰঘু কলিতাৰ সংগীতানুষ্ঠানৰ লগতে গৌতমী সোনাৰৰ নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ।
ফাৰুক হুছেইন , ৰঙিয়া ।