নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ বৰমূৰা-অৰ্জুন শিৱৰাত্ৰীৰ সোণালী মহোৎসৱ পালন

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মঙলবাৰে সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো উলহ মালহেৰে মহা শিৱৰাত্ৰী পূজা পালন কৰা হয় । ৰঙিয়াৰ বৰমূৰা-অৰ্জুনগুৰিৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰত পুৱাৰ পৰাই ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। সোনালী জয়ন্তী উপলক্ষে স্থানীয় সহস্ৰাধিক ভক্তই ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰাত ভক্তপ্ৰাণ ৰাইজে ভক্তি বন্দনাৰে আনন্দ-উলাহেৰে অংশগ্ৰহণ কৰে। প্ৰতিকী শিৱক ভৰি ধুৱাই চাউল চটিয়াই সেৱা গ্ৰহণ কৰে । শিৱ বন্দনাৰে মুখৰিত হৈ পৰে ৰঙিয়াৰ বৰমূৰাৰ আকাশ বতাহ। আধ্যাত্মিকতাৰ মনোভাৱেৰে ভোলানাথক আৰাধণাৰ বাবে শিশু, যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোৱে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ অন্ততঃ মন্দিৰত ভক্তগণ ভক্তই চাকি বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা-অৰ্চনা কৰিছে । ভক্তি ভাৱেৰে পুস্পাঞ্জলি দিবলৈ ওলাই আহিছে সকলো ভক্তগণ । 

প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া 

You might also like