নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰত্নাকৰ’ক লৈ নলবাৰীত উত্তেজনা; পিচে কিয় এই উত্তেজনা !

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে দুখনকৈ অসমীয়া জনপ্ৰিয় বোলছবি প্ৰদৰ্শনত দৰ্শকৰ সঁহাৰি আছিল চমকপ্ৰদ । সম্প্ৰতি প্ৰদৰ্শিত হৈ থকা ‘ৰত্নাকৰ’ ছবিখনক লৈ নাট্যমন্দিৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । লগতে চিনেমাখন চাবলৈ অহা দৰ্শকৰ অভাৱনীয় ভিৰৰ বাবে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । যোৱা ১৭ নৱেম্বৰৰ পৰা তিনিটা দৰ্শনীত ‘ৰত্নাকৰ’ প্ৰদৰ্শিত হৈ আছে যদিও প্ৰতিটো দৰ্শনীতে টিকট বিচাৰি দৰ্শকে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে । সোমবাৰে দুপৰীয়া নাট্যমন্দিৰৰ অস্থায়ী টিকট ঘৰত টিকটৰ বাবে হোৱা ঠেলা-হেঁচাত টিকট ঘৰটো ভাঙি যোৱাৰ লগতে পিএনচি পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । পিছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় । মঙলবাৰেও পুৱাৰ পৰাই নাট্যমন্দৰিৰ সন্মুখৰ পিএনচি পথত দৰ্শকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হয় । আনহাতে ছবিখন দৰ্শকে আদৰি লোৱাৰ সমান্তৰালকৈ বহুল প্ৰচাৰিত নাট্যকাৰ ৰাজদ্বীপৰ ৰাজমুকুট থিয়েটাৰৰ ‘বীৰাংগনা’ আৰু হেঙুল থিয়েটাৰৰ ‘বাহাদুৰ’ নাটক দুখনতো দৰ্শকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে ।

You might also like