ৰহা বানাক্ৰান্তৰ কাষত নগাঁও অনুসূচিত জাতিৰ কেইবাটিও জাতীয় সংগঠন; দুইশতাধিকক খাদ্য সামগ্ৰী বিতৰণ
নিয়মীয়া বাৰ্তা, ২২ মে’: নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় দুই শতাধিক গাঁৱত কপিলীৰ বাঢ়নী বানে কৃষি ভূমিৰ লগতে পশুধন আৰু আৱাস গৃহৰ বিস্তৰ ক্ষতিসাধন কৰাত অসহায় হৈ পৰিছে সৰ্বসাধাৰণ। যোৱা ১৩ মে’ৰ পৰা কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত হাৰিয়া, বৰপানী, তিতাইমাৰী আৰু কলঙ নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ ৰহা আৰু বঢ়মপুৰ সমষ্টি প্ৰায়বোৰ এলেকাই বুৰাই পেলোৱাত গৃহহীন হৈ পৰে হাজাৰ হাজাৰ লোক। জিলাখনৰ কামপুৰ, কঠিয়াতলি, ঘাঁহি, দক্ষিনপাট, বৰকলা, ৰহাকে ধৰি দুই শতাধিক গাঁৱৰ জনসাধাৰণৰ ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ পাছত এই বানাক্ৰান্ত সকলৰ মাজত আজি অকণমান সহানুভূতিৰ হাত আগবঢ়াইছে নগাঁৱৰ কেইবাটাও জাতীয় সংগঠনে। সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ নগাঁও জিলা সমিতি, কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা নগাঁও জিলা, অনুসূচিত জাতি পৰিষদ নগাঁও জিলা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ যৌথ উদ্যোগত বানাক্ৰান্ত সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। আজি সংগঠন কেইটাই ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা শতাধিক পৰিয়ালক চাউল, আলু, পিয়াজ, মিঠাতেল, মমবাতি, চাবোন , পানী বটল আদিৰ টোপোলা বিতৰণ কৰে। সমাজকৰ্মী তথা সাংবাদিক কল্লোল শইকীয়াৰ লগতে চাৰিওটা সংগঠনৰ নেতৃবৰ্গ মনোৰঞ্জন দাস, ৰাহুল দেৱ বৰদলৈ, গৌতম শইকীয়া, জয়ন্ত কুমাৰ দাস, সঞ্জীৱ দাস, প্ৰাঞ্জল দাস, দীপ দাসকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
প্ৰেৰকঃ ভৱজ্যোতি ডেকা।