নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ ডাইনী সন্দেহত মহিলাক আক্ৰমণ

একাংশ অন্ধবিশ্বাসী মহিলাৰ আক্ৰমণত আহত আন এগৰাকী মহিলা

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ ডাইনী সন্দেহত মহিলাক আক্ৰমণ। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ দিৰিং চাহ বাগিচাত। বাগিচাখনৰ ২নং লাইনৰ এগৰাকী মহিলাক স্থানীয় কেইবাগৰাকী মহিলাই আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য।

              জানিব পৰা মতে বাগিচাখনৰ ২নং লাইনৰ এগৰাকী অসুস্থ মহিলাৰ ৰোগৰ কাৰণ ডাইনী বুলি সন্দেহ কৰি বাগানখনৰ এগৰাকী মহিলাই আনএগৰাকী মহিলাক ডাইনী সজাই উপৰ্যুপৰি আক্ৰমণ কৰে। একাংশ অন্ধবিশ্বাসী মহিলাৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ভুক্তভোগী মহিলাগৰাকী।

             আনহাতে আক্ৰমণত জড়িত ৬গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । প্ৰথম অৱস্থাত দুগৰাকী আৰু ভুক্তভোগীৰ স্বীকাৰোক্তিৰ ভিত্তিত আন ৪গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ঘটনাসন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অনুসন্ধান।