ৰাজ্যবাসীক বিধে বিধে সুস্বাদু দৈ খুৱাবলৈ সাজু দুগ্ধনগৰী সৰভোগ
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ভোগালী বিহুক আদৰাৰ বাবে উজনি–নামনি সকলোতে দেখা গৈছে ব্যাপক প্রস্তুতি৷ ভেলাঘৰ আৰু মেজি সজাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰাইজে৷ এইক্ষেত্রত পিছপৰি থকা নাই দুগ্ধনগৰী সৰভোগ৷ গ্রাহকৰ অপেক্ষাত সাজু হৈছে সৰভোগৰ দৈৰ দোকানসমূহো৷
সৰভোগৰ প্রায় ৩০ শতাংশ লোকে বংশানুক্রমে দুগ্ধ ব্যৱসায়ত জড়িত হৈ নিজৰ জীৱিকা নির্বাহ কৰি আহিছে৷ সৰভোগৰ দৈৰ ব্যৱসায়ীসকলে গৰু আৰু ম’হৰ গাখীৰেৰে উৎকৃষ্ট ঘিউ উৎপাদন কৰে৷ সৰভোগৰ দৈ–ক্রীমৰ এনে ঐতিহাসিক পটভূমিক জীপাল কৰি ৰাখিছে সৰভোগৰ উত্তৰাঞ্চলত অৱস্থিত গৰু–ম’হৰ খুঁটি আৰু বাথানসমূহে৷
সম্প্রতি বাগ্সা জিলাৰ মানাহ অভয়াৰণ্যৰ সেউজীয়া ঘাঁহনিৰ দাতিকাষৰীয়া কাঁহিতামা, বৰপথাৰ, বগীদাৰা, ভাতাৰমাৰী, কহিঘাট, চুপাৰিগুৰি, বাৰাপেটা, পাণবাৰী, চুক্রংবাৰী, নিজ ডাকুৱা, লক্ষ্মীজাৰ আদি অঞ্চলত সংস্থাপিত হৈ আছে সৰভোগৰ দৈ–ক্রীমৰ উৎস ম’হৰ বাথানসমূহ৷ ভোগালী বিহু উপলক্ষে সৰভোগৰ দৈৰ দোকানসমূহ ক্রমে গীতিকা ষ্টোৰৰ স্বত্বাধিকাৰী কমলেশ্বৰ দাসে দৈ ৪ হাজাৰ কেজি, ক্রীম ২০০ কেজি, মাখন ৫০ কেজি প্রস্তুত কৰিছে, পিকু ষ্টোৰৰ স্বত্বাধিকাৰী প্রাণজিৎ দাসে ৩০০ কেজি, ক্রীম ১০০ কেজি, ঘিউ ২০ কেজি,বাঁহৰ চুঙাৰ দৈ ৪০০ কেজি প্রস্তুত কৰিছে, সৰভোগ দধি ভাণ্ডাৰৰ স্বত্বাধিকাৰী নয়নমণি মজুমদাৰে বাঁহৰ চুঙাৰ দৈ ২৬০০ কেজি, ক্রীম ১২০ কেজি, ঘিউ ১৫ কেজি, দৈ ৫০০ কেজি প্রস্তুত কৰিছে, উদ্ধৱ চন্দ্র বায়ন এণ্ড ছণ্ডৰ স্বত্বাধিকাৰী গুণৰঞ্জন বায়নে দৈ ২৫০০ কেজি, ক্রীম ৪০০ কেজি প্রস্তুত কৰিছে, সদানন্দ দধি ভাণ্ডাৰৰ স্বত্বাধিকাৰী সদানন্দ দাসে দৈ ২০০ কেজি, ক্রীম ৫০ কেজি, ঘিউ ২০ কেজি প্রস্তুত কৰিছে৷
এই দোকানসমূহৰ লগতে সৰভোগৰ বিভিন্ন অঞ্চলৰ ৰাইজে দৈ, ক্রীম, ঘিউ আৰু বাঁহৰ চুঙাৰ দৈৰে ভোগালীৰ বাবে সাজু হৈছে৷ ক’বলৈ গ’লে দুগ্ধনগৰী সৰভোগ সাজু হৈছে হাজাৰ হাজাৰ কেজি দৈ,বাঁহৰ চুঙাৰ দৈ, ক্রীম, ঘিউ আদিৰে ভোগৰ উৎসৱ ভোগালীত ৰাজ্যবাসীক খুৱাবলৈ৷ ভোগালী বিহু উপলক্ষে দৈ প্রতি কেজি ১৫০ৰ পৰা ১৬০ টকা, বাঁহৰ চুঙাৰ দৈ প্রতি কেজি ১৮০ টকাৰ পৰা ২০০ টকা, ক্রীম প্রতি কেজি ৫০০ৰ পৰা ৫৫০ টকা, ঘিউ প্রতি কেজি ৮০০ৰ পৰা ৮৫০ টকা সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে বিক্রীৰ বাবে নির্ধাৰণ কৰিছে৷ আজি পুৱাৰে পৰা সৰভোগৰ দুগ্ধ বিপণীসমূহৰ সন্মুখত ভোগালী উপলক্ষে দৈ–ক্রীম কিনিবলৈ অহা লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷