ৰাজ্যসভাৰ দুখন আসনত প্রতিদ্বন্দ্বিতা কৰিব বিজেপি মিত্ৰজোঁটে
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যসভাৰ ৫৫ খন আসনৰ বাবে অহা ২৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব । এই ৫৫ খন আসনৰ ভিতৰত অসমৰ তিনিখন আসনো আছে । ইতিমধ্যে সদস্য পদ ত্যাগ কৰা সঞ্জয় সিং, ভুবনেশ্বৰ কলিতাৰ লগতে বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিনিধিত্ব কৰি থকা আসন তিনিখনৰ কার্যকাল ৯ এপ্রিলত অন্ত পৰিব৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশৰ নির্বাচন আয়োগে মঙলবাৰে উক্ত আসনসমূহৰ বাবে ৰাজ্যসভা নির্বাচনৰ জাননী জাৰি কৰে৷
নির্বাচন আয়োগে এক বিবৃতিত প্রকাশ কৰা অনুসৰি, ৰাজ্যসভা নির্বাচনৰ বাবে ৬ মার্চত অধিসূচনা প্রকাশ পাব৷ মনোনয়ন গ্রহণৰ অন্তিম দিন ১৩ মার্চ৷ ১৬ মার্চত মনোনয়ন–পত্র পুনৰীক্ষণ কৰা হ’ব৷ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১৮ মার্চ৷ ইয়াৰ পিছত ২৬ মার্চৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হ’ব৷ সেইদিনাই বিয়লি ৫ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব৷ অহা ৩০ মার্চৰ পূর্বে নির্বাচন প্রক্রিয়া সম্পূর্ণ কৰিব৷
ইপিনে ৰাজ্যসভা নির্বাচনৰ তাৰিখ ঘোষণাৰ পিছতেই শাসক দল বিজেপি মিত্রজোঁটৰ লগতে বিৰোধী কংগ্রেছ–এআইইউডিএফৰ্ মাজত নির্বাচনী তৎপৰতা আৰম্ভ হৈছে৷ ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংবাদিকক জানিবলৈ দিয়া মতে, আসন্ন ৰাজ্যসভা নির্বাচনত বিজেপি মিত্রজোঁটে দুখন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ ইয়াৰে এখনত বিজেপিয়ে আৰু আনখন আসন মিত্রদল বিপিএফক এৰি দিব৷ তৃতীয়খন আসনত প্রতিদ্বন্দ্বিতা কৰা সম্পর্কত এতিয়ালৈ সিদ্ধান্ত নোলোৱাৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে বিৰোধী শিবিৰ যদি একত্রিত নহয়, তেতিয়াহে তৃতীয়খন আসনত বিজেপি মিত্রজোঁটে প্রতিদ্বন্দ্বিতা কৰাৰ চিন্তা কৰিব৷ অন্যথা তৃতীয়খন আসনৰ বাবে বিজেপি মিত্রজোঁটে চিন্তা নকৰে৷
ইপিনে, কালি নিশাৰ ভাগত কংগ্রেছ বিধায়িনী দলৰো এখন বৈঠক অনুষ্ঠিত হয়৷ কংগ্রেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াই জানিবলৈ দিয়া মতে, আজিৰ বৈঠকত বিধানসভাৰ আসন্ন বাজেট অধিৱেশন আৰু ৰাজ্যসভাৰ নির্বাচন সম্পর্কত প্রাৰম্ভিক আলোচনা কৰা হয়৷১ মার্চত পুনৰ হ’বলগীয়া বিধায়িনী বৈঠকত সেই বিষয়ে খৰচি মাৰি আলোচনা কৰা হ’ব৷ কংগ্রেছে যিহেতু বর্তমান নিজাববীয়াকৈ এজনো প্রার্থী জয়ী কৰাব পৰা অৱস্থাত নাই, সেয়ে ‘কা’বিৰোধী শক্তিৰ পৰা সর্বসন্মত প্রার্থী ওলালে কংগ্রেছে সমর্থন দিব বুলি তেওঁ ব্যক্ত কৰে৷ বিৰোধী দল এ আই ইউ ডি এফৰ সমর্থন বিচৰাৰ প্রসংগত তেওঁ কয় যে এই সিদ্ধান্ত বিধায়িনী দলে অকলে ল’ব নোৱাৰে৷ প্রদেশ কংগ্রেছৰ লগত আলোচনা কৰিহে এই দিশত অগ্রসৰ হ’ব লাগিব৷ অৱশ্যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ আব্দুল খালেক, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যসভাৰ তৃতীয়খন আসন দখল কৰাৰ বাবে ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ চিন্তা–চর্চা কৰিছে৷