নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নির্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অজিত ভূঞা

নিয়মীয়া বার্তা ১১ মাৰ্চঃ ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব সাংবাদিক অজিত কুমাৰ ভূঞা । যোৱা ৪৮ ঘণ্টাত প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা মতবিৰোধৰ অন্ত পেলাই ভূঞাৰ প্ৰাৰ্থিত্ব প্ৰতি উভয় দলৰ সমৰ্থনক্ৰমে চূড়ান্ত হয় । উল্লেখ্য যে ২৬ মাৰ্চত হ’ব লগা অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে দুখন আসন দখল কৰাটো  নিশ্চিত হৈ পৰাৰ যুঁজত নামি পৰিছে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফ । উভয় দলে কা’ বিৰোধী নেতা এজনক উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত এক সিদ্ধান্ত উপনীত হৈছিল৷ সেইমর্মে কংগ্রেছে ‘কা’বিৰোধী নেতা হিচাপে ভূঞাৰ নাম প্রস্তাৱ কৰি এআইইউডিএফৰ সমর্থন বিচাৰে৷ কিন্তু কংগ্রেছৰ প্রস্তাৱক সমর্থন জনোৱাৰ পৰিৱর্তে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী প্রার্থী হ’লে সমর্থন জনাব বুলি মুকলিকৈ ঘোষণা কৰে৷ মুখ্যতঃ ইয়াকে লৈ উভয় দলত সৃষ্টি হয় মতানৈক্য৷

অৱশ্যে জটিলতাৰ অন্ত পেলাই কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে ভূঞাৰ প্রার্থিত্বক সমর্থন দিবলৈ আজমলক সৈমান কৰে৷ প্রার্থিত্ব প্রায় চূড়ান্ত হোৱাৰ পিছতেই আজি ভূঞাই নতুন দিল্লীত কংগ্রেছ নেতা তথা অসম কংগ্রেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটক সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত ভূঞাক সংগ দিয়ে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ আজি নিশাই ছোনিয়া গান্ধীক সাক্ষাৎ কৰে ভূঞাই৷ কংগ্রেছৰ সূত্রই প্রকাশ কৰা অনুসৰি কাইলৈ দুপৰীয়াৰ ভাগত আজমলৰ উপস্থিতিত কংগ্রেছে ভূঞাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ইফালে, প্রার্থিত্ব চূড়ান্ত হোৱাৰ পিছতে আজি এক বিবৃতিযোগে ভূঞাই কয়– আগন্তুক ৰাজ্যসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফকে ধৰি ‘কা’বিৰোধী জাতীয় সন্মিলিত শক্তিয়ে এজন ৰাজনৈতিক দল বহির্ভূত ব্যক্তিক প্রার্থিত্ব দিবলৈ বিচৰাত মোৰ নামটো চর্চালৈ আহিছে৷ ধর্মনিৰপেক্ষ, গণতান্ত্রিক প্রমূল্য বিশ্বাসী, ‘কা’বিৰোধী আৰু জাতীয় শক্তিসমসূহৰ উমৈহতীয়া প্রার্থী হিচাপে মোৰ নাম চর্চিত হোৱাত মই সন্মানিত অনুভৱ কৰিছোঁ৷ আৰু যদি প্রার্থিত্ব প্রদান কৰা হয়, তেন্তে তাক সন্মানসহকাৰে গ্রহণ কৰাৰ সিদ্ধান্ত লৈছোঁ৷ দেশৰ সংবিধানৰ প্রমূল্য, জাতীয় ঐক্য ৰক্ষা আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামখনক চলাই নিবলৈ মই অহর্নিশে চেষ্টা চলাই আছোঁ৷ সংসদত প্রতিনিধিত্ব লাভৰ সুযোগে এই সংগ্রামখনক অধিক ঐক্যবদ্ধ আৰু ফলপ্রসূ হোৱাত সহায়কৰ ভূমিকা গ্রহণ কৰিব বুলি মই নিশ্চিত৷ এই নতুন যাত্রা আৰু সংগ্রামৰ পথত অসমৰ সমূহ ধর্মনিৰপেক্ষ, জাতীয়তাবাদী শক্তিৰ সহায় আৰু সহযোগ পাম বুলি মই আশাবাদী৷

ইয়াৰ পূর্বে কালি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে স্পষ্ট কৰিছিল যে প্রিয়ংকা গান্ধী উমৈহতীয়া প্রার্থী নহয়৷ কংগ্রেছৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি তৃতীয়খন আসন দখল কৰাৰ ক্ষেত্রত প্রিয়ংকা গান্ধী প্রার্থী হ’লে ক্রছ ভোটিঙৰ সম্ভাৱনা আছে৷ সেয়েহে প্রিয়ংকা গান্ধীক প্রক্ষেপ কৰি দলে ৰিস্ক ল’ব বিচৰা নাই৷ ইফালে, কংগ্রেছৰ প্রার্থিত্ব ঘোষণাৰ পিছতে ১২ মার্চত অসমৰ আসনৰ বাবে প্রার্থিত্ব ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

You might also like