‘ৰিপুণ বৰাই সৰুসজাইত বিশেষ সুবিধা লৈছিল’
নিয়মীয়া বাৰ্তা, ২৯ মেঃ কোৱাৰেণ্টাইনত থকা অৱস্থাত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা ব্যক্তিৰ বিছনাৰ পৰা ৰোগ সংক্রমণৰ আশংকা নস্যাৎ কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে কোনো লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিলেই সেই লোকজনে ব্যৱহাৰ কৰা বিছনা প্রট’কল অনুসৰি পুৰি পেলোৱা হয়৷ সেই লোকজন কোৱাৰেণ্টাইন কেন্দ্রতেই থাকক বা হোটেলৰ কোৱাৰেণ্টাইনত থাকক, তেওঁ ব্যৱহাৰ কৰা বিছনা ৰোগ ধৰা পৰা মাত্রকে পুৰি পেলোৱা হয়৷ তেনে অৱস্থাত ক’ভিড–১৯ত আক্রান্ত ব্যক্তিৰ বিছনাৰ পৰা ৰোগ সংক্রমণৰ আশংকা অমূলক৷ কিন্তু কোৱাৰেণ্টাইন কেন্দ্রৰ ভিতৰত যদি সামাজিক দূৰত্ব উলংঘন কৰি থাকে, তাত স্বাস্থ্য বিভাগ বা চৰকাৰে কি কৰিব পাৰে?
সামাজিক দূৰত্ব উলংঘন কৰি থাকিলে সংক্রমণৰ শংকা থকিবই৷ আনহাতে, অসমত এতিয়াও ক’ভিড–১৯ৰ সামূহিক সংক্রমণ হোৱা নাই বুলি উল্লেখ কৰি মন্ত্রী হাজৰিকাই কয় যে এতিয়ালৈ যিমান আক্রান্ত ওলাইছে, সকলো কোৱাৰেণ্টাইনত থকা৷ কোৱাৰেণ্টাইনত থকা লোকৰ মাজৰ পৰাই পজিটিভ ওলাই আছে৷ তদুপৰি একে সময়তে স্বাস্থ্য বিভাগৰ দল গাঁৱে গাঁৱে গৈ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰি আছে৷ জ্বৰ, কাহ হোৱা লোকে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আছে৷ আনহাতে, ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাই অহাৰ পৰিপ্রেক্ষিতত গুৱাহাটীৰ সমীপৱর্তী শুৱালকুছি আৰু জাগীৰোডত মুঠ ১৫০খন বিছনাযুক্ত ক’ভিড ৰোগীৰ চিকিৎসালয় সাজু কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে৷
ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সৰুসজাইত কোৱাৰেণ্টাইন কেন্দ্রত চৰম অব্যৱস্থা চলি থকা বুলি কৰা অভিযোগ খণ্ডন কৰিছে মন্ত্রী হাজৰিকাই৷ এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি মন্ত্রী হাজৰিকাই কয় যে ৰিপুণ বৰা সৰুসজাইলৈ আহি বিশেষ সুবিধা (ট্রীট) লৈছিল৷ সৰুসজাইত আহি পোৱাৰ পূর্বেই ৰিপুণ বৰাই চিকিৎসকক ফোন কৰি তেওঁ অহাৰ বিষয়ে জনাইছিল৷ সৰুসজাইত ৰিপুণ বৰা এক ছেকেণ্ডো ৰ’বলগীয়া হোৱা নাই৷ স্বাস্থ্য পৰীক্ষাৰ বাবে বৰাই আনসকলৰ দৰে শাৰীও পতা নাই৷ তেওঁ পোনে পোনে আহি স্পেচিয়েল ট্রীট লৈ গুচি গৈছে৷ মন্ত্রী হাজৰিকা নিজেই সেই সময়ত সৰুসজাইত থকা বুলি উল্লেখ কৰি কয় যে ভাল কাম কৰা মানুহক দোষ দিয়াটো ৰিপুণ বৰাৰ পুৰণা চৰিত্র৷