নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপাজুলি চাহ বাগিচাত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ:  ৰঙাপৰা আৰু তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ৰূপাজুলি চাহ বাগিচাত যোৱা নিশা বন্যহস্তীৰ আক্ৰমনত এটা বাসগৃহৰ আচবাব সহ ক্ষতি সাধন কৰাৰ লগতে কথমপি ৰক্ষা পৰে পৰিয়ালটি। নিশা প্ৰায় ১২ মান বজাত অহা তিনিটা হাতীৰ এটাজাক সোমাই আহি শ্ৰীফল গোৱালা বাসগৃহৰ পকীবেৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। হাতীৰ আক্ৰমনত গোৱালা বাসগৃহৰ ফ্ৰিজ, বাচন- বৰ্তন, ডাইনিং টেবুল আদি ভাঙে। উল্লেখ্য যে নিশা বাগিচাখনত চিনেমা চলি থকাৰ হেতু হাতী অহাৰ কোনো উমানে নাপালে। ইফালে নিশা ঘৰত থকালোক কোনোমতে ৰক্ষা পৰে। সোনাই ৰূপা অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকে গেৰ ধৰা ধান খাবলৈ কঠালগুৰি, ঘগৰা, মনিঝাৰনিলৈ অহা হাতীৰ জাক ৰূপাজুলি চাহ বাগিচাত কেবাটাও ভাগত ভাগ হৈ আশ্ৰয় লৈ থাকি বিদ্যালয়, অংগনবাদী কেন্দ্ৰ আৰু আৱাস গৃহত ক্ষতি সাধন কৰি আহিছে। 
You might also like