ৰে’লৰ আগত জঁপিয়াই এহাল প্রেমিক প্রেমিকাৰ আত্মহনন
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ৰঙিয়াত কালি পুৱতিনিশা ৰে’লৰ আগত পৰি এহাল প্রেমিক–প্রেমিকাহ আত্মহনন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ মৃত প্রেমিক–প্রেমিকা দুগৰাকী হৈছে ৰঙিয়াত ভাৰাতীয়া হিচাপে থকা মঙলদৈৰ মহনুল হক (২০) আৰু উদিয়ানাৰ শ্ববনম চুলতানা (১৫)৷ জানিব পৰা মতে, আজি পুৱাৰ ভাগত উদিয়ানা উত্তৰ পথাৰৰ ৰে’ললাহনত দুটা মৃতদেহ প্রত্যক্ষ কৰে স্থানীয় ৰাহজে৷ এজন যুৱক আৰু এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি হয়৷ পাছত মৃত কিশোৰীগৰাকী নৱম শ্রেণীত পঢ়ি থকা শ্ববনম চুলতানা বুলি চিনাক্ত কৰা হয়৷ আনহাতে, মৃত যুৱকজন ৰঙিয়াত ভাৰাতীয়া হিচাপে থকা মঙলদৈৰ মূল নিৱাসী মহনুল হক বুলি চিনাক্ত কৰে৷ কিশোৰীগৰাকীৰ আত্মহননত পৰিয়ালটোৰ লগতে গাঁওখনত শোকৰ ছাঁ পৰে৷ দুয়োৰে মাজত প্রেমৰ সম্পর্ক আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ কিন্তু কি কাৰণত দুয়োজনে আত্মহননৰ দৰে চূড়ান্ত পথ বাছি ল’লে, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাহ৷