নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলত ৰাজ্যসভাত প্রতিনিধি শূন্য হ’ব অসম কংগ্রেছৰ; চাৰি মাহত কার্যকাল উকলিব ৰিপুণ বৰা–ৰাণী নৰহৰ

বর্তমান এখন আসনতো জয়ী হোৱাৰ শক্তি নাই কংগ্রেছৰ; আজমলৰ হাতত ধৰিলেহে পাব পাৰে উচ্চ সদনৰ এখন আসন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ  কংগ্রেছৰ সন্মুখত আৰু এটা নতুন বিপদ৷ অহা বছৰৰ এপ্রিল মাহৰ পৰা ৰাজ্যসভাত অসমৰ কংগ্রেছৰ প্রতিনিধি শূন্য হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছৰ শোচনীয় বিপর্যয় আৰু পৰৱর্তী পর্যায়ত দলটোৰ বিধায়কৰ বিজেপি গমনৰ পৰিপ্রেক্ষিততে দুখন আসনৰ বাবে হ’বলগীয়া নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে কার্যতঃ শক্তিহীন হৈ পৰিছে কংগ্রেছ দল৷

উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কার্যকাল অহা ২ এপ্রিলত সামৰণি পৰিব৷ ইয়াৰ পৰিপ্রেক্ষিতত অহা মার্চ মাহত ৰাজ্যখনত দুখন আসনৰ বাবে ৰাজ্যসভা নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ পিছে খালী হ’বলগীয়া ৰাজ্যসভাৰ কংগ্রেছৰ সেই দুখন আসনৰ ভিতৰত আজিৰ তাৰিখত কংগ্রেছ দল এখনতো জয়ী হোৱাৰ শক্তি নাই৷

বর্তমান অসম বিধানসভাত বিজেপিৰ ৬২, কংগ্রেছৰ ২৭, এ আই ইউ ডি এফৰ ১৫, অগপৰ ৯, ইউ পি পি এলৰ ৭, বি পি এফৰ ৩, চি পি আই (এম)ৰ ১ আৰু ৰাইজৰ দলৰ এগৰাকী বিধায়ক আছে৷ কিন্তু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু ৰহাৰ বিধায়ক শশীকান্ত দাস এই মুহূর্তলৈ নামতহে কংগ্রেছৰ বিধায়ক৷ শ্বেৰমান আলী আহমেদে কংগ্রেছ দলত নথকাটো ইতিমধ্যে স্পষ্ট কৰি দিয়াৰ বিপৰীতে শশীকান্ত দাসে তেওঁৰ সমষ্টিৰ উন্নয়নৰ স্বার্থত চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতহে থাকিব বুলি প্রকাশ কৰিছে৷

সেই অনুসৰি কংগ্রেছৰ বিধায়কৰ সংখ্যা এই মুহূর্তত ২৫হে বুলি ক’ব পাৰি৷ আনহাতে, সদনৰ মজিয়াত বিজেপি মিত্রজোঁটৰ শক্তি ৭৮৷ দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভা নির্বাচনত এখন আসনত জয়ী হ’বলৈ ৪২গৰাকী বিধায়কৰ সমর্থনৰ প্রয়োজন৷ কিন্তু আজিৰ তাৰিখত সদনত কংগ্রেছৰ শক্তি মাত্র ২৫৷ চি পি আই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাইজৰ দলৰ অখিল গগৈয়ে ৰাজ্যসভা নির্বাচনত কংগ্রেছৰ পক্ষ ল’লে বিৰোধী দলটোৰ শক্তি ২৭লৈহে বৃদ্ধি পাব৷ অথচ কংগ্রেছে এখন আসন দখল কৰিবলৈ হ’লে প্রয়োজন হ’ব অতিৰিক্ত ১৫গৰাকী বিধায়কৰ সমর্থন৷ সদনৰ মজিয়াত আজিৰ তাৰিখত এ আই ইউ ডি এফৰ বিধায়কৰ সংখ্যাও ১৫৷

কিন্তু এ আই ইউ ডি এফ দলে অতি সহজে বিনাচর্তে কংগ্রেছৰ প্রার্থীক সমর্থন দিয়াৰ সম্ভাৱনাও নাই৷ এ আই ইউ ডি এফৰ এক সূত্রৰ পৰা জানিব পৰা মতে, যদিহে ৰাজ্যসভা নির্বাচনত কংগ্রেছে তেওঁলোকৰ পৰা সমর্থন বিচাৰে, তেতিয়াহ’লে এ আই ইউ ডি এফে তেওঁলোকৰ পছন্দ অনুসৰিহে প্রার্থিত্ব দিয়াৰ দাবী উত্থাপন কৰিব আৰু ২০২৪ চনত হ’বলগীয়া লোকসভা নির্বাচনত ধুবুৰী, বৰপেটা, শিলচৰ, কৰিমগঞ্জ, নগাঁও আৰু মঙলদৈ সমষ্টি তেওঁলোকক এৰি দিয়াৰ চর্ত আৰোপ কৰিব৷ কংগ্রেছ সেই দাবীত সন্মত হ’লেহে তেওঁলোকে পুনৰ মিত্রতাপাশত আবদ্ধ হ’ব৷ ইপিনে ৰাজ্যসভাৰ এখন আসনৰ স্বার্থত এ আই ইউ ডি এফৰে মিত্রতাপাশত আবদ্ধ হোৱাটো কংগ্রেছৰ এটা শিবিৰে নিবিচাৰে৷

প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, যোৱা বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতা কৰাটো কংগ্রেছৰ এক ডাঙৰ ভুল আছিল৷ দলে সেই ভুল পুনৰ কৰিব নিবিচাৰে৷ ৰাজ্যসভাৰ এখন আসনতো নিজাববীয়াকৈ জিকাৰ শক্তি যিহেতু কংগ্রেছৰ নাই, সেয়ে অহা ৰাজ্যসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰাই বিৰত থকাৰ পোষকতা কৰিছে৷ সূত্রটোৰ মতে, কংগ্রেছে পুনৰ এ আই ইউ ডি এফৰে মিত্রতা কৰা মানেই মূলসুঁতিৰ অসমীয়া লোকসকলক কংগ্রেছৰ পৰা আঁতৰাই পঠিওৱাহে হ’ব৷ ইয়াৰ ফলত বিজেপি অধিক লাভান্বিত হ’ব আৰু কংগ্রেছৰ ভিতৰচ’ৰাত আভ্যন্তৰীণ বাদ–বিসম্বাদ অধিক তীব্রতৰ হ’ব৷ তদুপৰি এ আই ইউ ডি এফৰ লগতে চি পি আই (এম), ৰাইজৰ দলৰ সমর্থন লৈ ৰাজ্যসভালৈ নির্বাচিত হোৱা প্রতিনিধিজন যথেষ্ট চাপত থাকিব লাগিব বুলিও উল্লেখ কৰি সূত্রটোৱে কয় যে যোৱা বিধানসভা নির্বাচনত কংগ্রেছে এ আই ইউ ডি এফ, বি পি এফ, চি পি আই, চি পি আই (এম), আঞ্চলিক গণমর্চা, ৰাষ্ট্রীয় জনতা দল আদিৰ সৈতে মিত্রতা কৰি বহু সমষ্টিত হাতৰ কুঠাৰ ভৰিত মাৰিবলগীয়া হয়৷

কোনো এটা সমষ্টিতে গণভিত্তি নথকা আঞ্চলিক গণমর্চাৰ দৰে দলক দিছপুৰ, বোকাখাত সমষ্টি এৰি দিবলগীয়া হৈছে৷ অনুৰূপ ধৰণে তিনিচুকীয়া সমষ্টি ৰাষ্ট্রীয় জনতা দলক এৰি দিবলগীয়াত পৰে৷ এই মিত্রতাই সংশ্লিষ্ট সমষ্টিসমূহৰ কংগ্রেছী ভোটাৰসকলক ক্ষুণ্ণ কৰি তোলে৷ সেই ছবিখন নির্বাচনী ফলাফলতেই স্পষ্ট হৈ পৰিছে৷ সেয়ে কংগ্রেছে তৃণমূল পর্যায়ৰ কংগ্রেছীক হতাশ কৰিব পৰা কোনো সিদ্ধান্ত লোৱাৰ পক্ষপাতি নহয়৷ ফলত অহা মার্চ মাহত হ’বলগীয়া ৰাজ্যসভা নির্বাচনত অসমত কংগ্রেছৰ প্রতিনিধি শূন্য হৈ পৰাটো নিশ্চিত হৈ পৰিছে৷

You might also like