ডকাইতি কাণ্ড, বেংকৰ চিএছপিৰ পৰা লুটিলে ১.২২ লাখ টকা
নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰূপহীহাটৰ বাটমাৰীত আজি পুৱা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ উক্ত ডকাইতি কাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰূপহীহাটৰ বাটমাৰীৰ বেংকৰ চিএছপিৰ পৰা দুজনীয়া ডকাইতৰ দল এটাই চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে ১ লাখ ২২ হাজাৰ টকা। বাটমাৰীৰ আশ্বিকুৰ ৰহমানৰ বেংকৰ চিএছপিত দুই জনীয়া চোকা অস্ত্ৰধাৰী ডকাইতৰ দল এটি প্ৰৱেশ কৰি লুটি নিয়ে ধনখিনি।ডকাইতৰ দলটোৱে চিএছপিৰ স্বত্বাধিকাৰী আশ্বিকুৰ ৰহমানক শাৰীৰিকভাৱে প্ৰহাৰ কৰি আহত কৰাৰ পিছত চলাই এই লুটপাট। টকা উঠাবলৈ যোৱা এজন গ্ৰাহৰ সন্মুখত চিএছপিৰ স্বত্বাধিকাৰীক প্ৰহাৰ কৰি ধন লৈ যোৱাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত এক গোচৰ ৰুজু কৰে ভুক্তভোগী আশ্বিকুৰ ৰহমানে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
প্ৰেৰক জহিৰুল ইছলাম