নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ পৰা ওদালগুৰি সীমান্তৰে অসমলৈ ১০৯ লোক

নিয়মীয়া বাৰ্তা,  ৭ মে’ : চৰকাৰী অনুমতি সাপেক্ষে আন্তঃৰাজ্য পৰিবহণ ব্যৱস্থা মুকলি কৰাৰ পিছতে অৰুণাচল প্রদেশত আবদ্ধ হৈ থকা শ্রমিকৰ অসম আগমন প্রক্রিয়া অব্যাহত আছে৷ আজি ওদালগুৰি জিলা সীমান্তৰ দুখনকৈ প্রৱেশ পথৰ পৰা অসমলৈ আহিল ১০৯জন লোক৷

এই    লোকসকলৰ অসম প্রৱেশৰ পূর্বে ভৈৰৱকুণ্ডত স্থাপন কৰা স্বাস্থ্য শিবিৰত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি অসমলৈ প্রৱেশ কৰোৱা হয়৷ ওদালগুৰি ৰাজহ চক্রৰ চক্র বিষয়া পিংকী বৰগয়াৰী আৰু শীর্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত অৰুণাচলৰ পৰা অসমত প্রৱেশ কৰা লোকসকলক ভৈৰৱকুণ্ডৰ অসম–অৰুণাচল সীমান্তত ৰাষ্ট্রীয় স্বাস্থ্য মিছন চমুকৈ এনএইচএমৰ স্বাস্থ্যকর্মীসকলে স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকৰ নিজ নিজ ঘৰলৈ প্রেৰণৰ ব্যৱস্থা কৰে৷

বুধবাৰে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ প্রৱেশ পথেৰে অসমলৈ অহা ১০৯জন লোকৰ ভিতৰত অধিকাংশই অৰুণাচলত নির্মাণকার্যৰ লগত জডিত শ্রমিক বুলি জানিব পৰা গৈছে৷ ইয়াৰ পূর্বে যোৱা ৩ মে’ত ওদালগুৰিৰ জিলা সীমান্তৰ দুটা প্রৱেশ পথৰ পৰা ৪৭জন লোক, ৪ মে’ত ৭জন লোক, ৫ মে’ত ৬জন লোক অৰুণাচলৰ পৰা অসমলৈ আহিছিল৷

You might also like