ডিগবৈত ১২ হাজাৰ লিটাৰ চুলাই জব্দ, ১৪ টা গোচৰ ৰুজু
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈ বন গাঁৱত অৱশেষত চলিল আৰক্ষী আৰু আবকাৰী বিভাগে আজি এক অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰাৰ লগতে নষ্ট কৰে। । ডিগবৈ আৰক্ষী থানাৰ পৰিদৰ্শক দিব্যজ্যোতি দত্ত, মাৰ্ঘেৰিটা মহকুমা আবকাৰী উপ অধীক্ষকৰ নেতৃত্বত আৰু ডিগবৈ চি আৰ পি এফ ৰ সহযোগত গাওঁ খনত পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈকে অভিযান চলিল । অভিযানকাৰী বৃহৎ দলটো গাঁওখনত সোমোৱা বুলি জানিব পাৰি চুলাই বনোৱা লোক সকল পলাই পত্ৰং দিয়ে । অভিযানত বহু কেইটা বৃহৎ বৃহৎ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে গেলা পাষ্ট ১৬ হাজাৰ ৫শ লিটাৰ,চুলাই মদ ১২হাজাৰ লিটাৰ,মদ বনোৱা যন্ত্ৰ ১৫ টা, গুড় – ৮ শ কেজি জব্দ কৰে । উল্লেখ্য যে গাওখনত চুলাই মদ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা মাৰাত্মক ৰাসায়নিক সাৰ ইউৰিয়া আৰু ফিটকাৰী জব্দ কৰা হয় । অভিযানত এনে ফিটকাৰী ৪০ কেজি আৰু ইউৰিয়া তিনিশ কেজি জব্দ কৰে । অভিযানৰ পাছত মুঠ ১৪ টা গোচৰ ৰুজু কৰিছে । অন্যহাতে যোৱা কালি আবকাৰী উক্ত অঞ্চলটোত অভিযান চলাই দুটা চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে দুজন লোক ক্ৰমে- বিমান চেৰপা আৰু টিনজেং চেৰপাক গ্ৰেপ্তাৰ কৰে । Photo
ৰমনি বুঢ়াগোহাঁই,