দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নৱনীতা ফুকনৰ উপন্যাস ‘মৰহি যোৱা গোলাপ’ উন্মোচন
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ দুলীয়াপথাৰ-কমলপুৰস্থিত কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ এখন উপন্যাস যোৱা ২৮ নৱেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে বিদ্যালয়ৰ অসমীয়া বিষয়ৰ বিষয় শিক্ষক হেমন্ত শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক নিতুমণি শইকীয়াই। বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নৱনীতা ফুকনৰ প্ৰকাশিত ‘মৰহি যোৱা গোলাপ’ উপন্যাসখন উন্মোচন কৰে অধ্যক্ষ জয়া দুৱৰাই। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লুইতপৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক জগত গগৈ, নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সম্পাদক দীপান্ত কাকতি, ইংৰাজী বিষয় শিক্ষক লালন পাঠৰী, উপন্যাসিকাৰ পিতৃ প্ৰবীণ ফুকন, নিৰঞ্জন বৰুৱা, শিক্ষয়িত্ৰী ময়ুৰী ভূঞা, জ্যোতি দত্ত আৰু লেখিকা নৱনীতা ফুকনে বক্তব্য প্ৰদান কৰে। সভাখনি উদ্বোধন কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক হেমন্ত শইকীয়াই। অনুষ্ঠানত নৱপ্ৰজন্মৰ লেখিকা ছাত্ৰীগৰাকীৰ লগতে সভাত উপস্থিত থকা শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগাই উপৰোক্ত ব্যক্তিসকলে বক্তব্য আগবঢ়ায়।
প্ৰেৰক জগত গগৈ