নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন বিয়াৰ পৰাই ১৫জনলৈ মাৰাত্মক ক’ভিড

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ নজিৰবিহীনভাৱে লখিমপুৰত আজি দিনটোৰ ভিতৰতে ৬২জনকৈ লোক ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ পুৱাবেলা অহা এ এম চিৰ ৰিপ’টত ৪৫জন লোক পজিটিভ বুলি চিনাক্ত হোৱাৰ পাছত বিয়লি পুনৰ ১২জন আৰু সন্ধিয়া ৫জন পজিটিভ বুলি চিনাক্ত হয়৷ উল্লেখ্য যে কালি চিনাক্ত হোৱা ১৫জন লোককে ধৰি ২৪ ঘণ্টাত জিলাখনত ৭৭জন লোক ক’ভিড–১৯ পজিটিভ বুলি চিনাক্ত হৈছে৷

জিলাখনত ক’ভিড–১৯ পজিটিভ লোকৰ সংখ্যা ৩২১ হৈছেগৈ৷ উল্লেখ্য যে জিলাখনত কেইবাটাও স্থানৰ পৰা শেহতীয়াকৈ সংক্রমণ ব্যাপক হাৰত হোৱাৰ বাবে প্রশাসনে চাৰিটা স্থানক কনটেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰি সংক্রমণ ৰোধৰ প্রয়াস কৰিছে৷ পিছে এনে স্থানসমূহৰ পৰা পূর্বেই সংক্রমণ ঘটা লোকৰ তালিকা নিতৌ ওলাব ধৰিছে৷ বিশেষকৈ ৰে’লৱে কলনী, বৰমূৰীয়া আদিৰ পৰা সংক্রমণৰ খবৰ আহি আছে৷ চাবতিস্থিত সেনা ছাউনীতো সংক্রমণ ঘটিছে৷ ইতিমধ্যে চাৰিজনকৈ জোৱান ক’ভিড–১৯ পজিটিভ ৰূপে পোৱা হৈছে৷ শেহতীয়াকৈ নগৰৰ সমীপৰ গড়েহগা অঞ্চলৰ পৰা ব্যাপক হাৰত সংক্রমণ ঘটিছে৷ উক্ত এলেকাত যোৱা দুই জুলাইত সম্পন্ন হোৱা দুখন বিয়াৰ পৰাই এই সংক্রমণ ঘটিছে৷ অনুজ ভূঞা আৰু আন এটা পৰিয়ালত বিয়া দুখন সম্পন্ন হৈছিল৷ ইয়াৰে এখন বিয়ালৈ এগৰাকী মহিলা গৈছিল বৰমূৰীয়া এলেকাৰ পৰা৷ মহিলাগৰাকীয়ে ছোৱাব পৰীক্ষাৰ বাবে দিছিল যদিও বিয়াৰ পৰা ঘূৰি অহাৰ পাছতহে তেওঁৰ পজিটিভ ৰিপ’ট আহে৷

সেই অনুসৰি বিয়া সম্পন্ন হোৱা পৰিয়ালৰ লোকসকলে ছোৱাব পৰীক্ষা কৰে আৰু আজি উক্ত পৰিয়ালটোৰ ১৫জন পজিটিভ বুলি চিনাক্ত হয়৷ আনহাতে, আন বহুজনৰ ৰিপ’ট আহিবলৈ বাকী আছে৷ জিলাখনত এনে ব্যাপক গণ সংক্রমণৰ বাবে আজি উপায়ুক্তই স্বাস্থ্য বিভাগৰে বৈঠকত মিলিত হৈ সামগ্রিক পৰিস্থিতি পর্যালোচনা কৰে৷ আনহাতে, ক’ৰোনা সংকটকালৰ নিয়ম–নীতি উলংঘা কৰি বিবাহ সম্পন্ন কৰাৰ বাবে প্রশাসনে পৰিয়াল দুটাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে৷

You might also like