নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূলীয়া আঁচনিৰ নামত হিতাধিকাৰী মহিলাৰ পৰা ১৫০০-২৫০০ টকা আদায়

বার্তা বুৰো, ২৫ ছেপ্টেম্বৰঃ মৰিগাঁৱৰ সংখ্যালঘু অধ্যুষিত লাহৰীঘাটত একাংশ গেছ এজেঞ্চিয়ে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনিৰ উজ্বলাৰ নামত সংঘটিত কৰিছে ভয়াৱহ অনিয়ম। যত চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ হিতাধিকাৰীক বিনামূলীয়াকৈ গেছ যোগান ধৰিব লাগে তাৰ বিপৰীতে লাহৰীঘাটৰ শান্তি ইণ্ডেন ছাৰ্ভিছ নামৰ গেছ এজেঞ্চীটোৱে চাওক কিদৰে সৰ্বসাধাৰণৰ পৰা লুট কৰিছে ধন। একপ্ৰকাৰে মুকলি বজাৰ পাতি লৈছিল এই এজেঞ্চীটোৱে। আজি ভুক্তভোগী সংখ্যালঘু মহিলাসকলে মৰিগাঁৱৰ যোগান বিভাগক অভিযোগ দাখিল কৰি ইয়াৰ তদন্ত দাবী কৰে। এই হিতাধিকাৰীসকলৰ অভিযোগ বিনামূলীয়া গেছ সংযোগ পাবৰ বাবে আদায় দিবলগীয়া হয় ১৫০০ৰ পৰা ২৫০০ টকা পৰ্য্যন্ত। আনহাতে গেছ এজেঞ্চীটোৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে মৰিগাঁৱৰ যোগান বিভাগৰ সহকাৰী সঞ্চালক মটিউৰ ৰহমানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like