নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক সমষ্টি এৰি দিয়াৰ প্রতিবাদত ১৮ পঞ্চায়তৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বিগত প্রায় ১৯টা বছৰ নিজৰ আধিপত্য অটুট ৰখা খুমটাই বিধানসভা সমষ্টিত খহিছে অগপৰ দুর্গ৷ ২০১৬ বর্ষৰ বিধানসভা নির্বাচনত অগপ–বিজেপি মিত্রজোঁটৰ বিজেপি প্রার্থীক থিয় কৰোৱাৰ পিছত এইবাৰ আগন্তুক নির্বাচনৰ প্রাক্মুহূর্তত অগপৰ একাংশ নেতা–কর্মীয়ে সলনি কৰিছে নিজৰ স্থিতি৷ অগপৰ গোলাঘাট জিলা সমিতিৰ প্রাক্তন সভাপতি পৱন শইকীয়া খুমটাই সমষ্টিত অগপৰ প্রার্থিত্বৰ প্রবল দাবীদাৰ আছিল৷ কিন্তু পুনৰ সমাগত নির্বাচনত অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী হিচাপে খুমটাইত বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই প্রার্থিত্ব লাভ কৰিব বুলি চর্চা লাভ কৰাৰ পিছতে কেতবোৰ মন্তব্য প্রকাশ কৰিছিল অগপৰ প্রাক্তন সভাপতিগৰাকীয়ে৷

দেওবাৰে হঠাৎ প্রাক্তন সভাপতিগৰাকীয়ে খুমটাই অগপ বিধান পৰিষদৰ ১৮ পঞ্চায়ত সমিতিৰ সভাপতি–সম্পাদকক লৈ পদত্যাগ কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷ পৱন শইকীয়াই কয় যে খুমটাইত প্রয়াত প্রাক্তন মন্ত্রী প্রবীণ কুমাৰ গগৈয়ে সুদীর্ঘ কাল অগপ বিজয়ধ্বজা উৰুৱাই আছিল৷ পৰৱর্তী সময়ত এটা কাল কংগ্রছৰ দখললৈ যায় আৰু তাৰ পিছতে বিজেপিৰ প্রার্থী থিয় কৰাই সমষ্টিটো অগপৰ দুর্গ বিজেপিৰ হাতত চমজাই দিয়ে৷ অগপৰ নেতা–কর্মীসকলে যথেষ্ট ত্যাগ কৰি সমষ্টিটোত আঞ্চলিকতাবাদ জীয়াই ৰখাৰ বাবে আপ্রাণ চেষ্টা চলাই আহিছে৷ কিন্তু অগপৰ কেন্দ্রীয় সমিতিয়ে পুনৰ আগন্তুক নির্বাচনত বিজেপিৰে মিত্রতা কৰি সমষ্টিটো বিজেপিক চমজাই দিয়াৰ পৰিকল্পনা লৈছে৷ কেন্দ্রীয় নেতৃত্বৰ এই সিদ্ধান্তৰ প্রতি তীব্র ক্ষোভ প্রকাশ কৰে নেতাজনে৷ কেন্দ্রীয় সমিতৰ ওপৰত বীতশ্রদ্ধ হৈ সমষ্টিটোৰ ১৮ পঞ্চায়ত সমিতিৰ সভাপতি–সম্পাদকে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছতে শইকীয়াই পদত্যাগ কৰা বুলি উল্লেখ কৰে৷

এই সম্পর্কত কেন্দ্রীয় সমিতিৰ সভাপতি অতুল বৰাই কয় যে পদত্যাগ কৰাৰ সম্পর্কে তেওঁ জ্ঞাত নহয়৷ দলীয় দুই–এজনে ফোনযোগে এই কথা জনাইছে যদিও আনুষ্ঠানিকভাৱে কোনো পত্র লাভ কৰা নাই৷ তেওঁ লগতে কয় যে এই সম্পর্কে অগপৰ খুমটাই বিধান পৰিষদৰ নেতৃত্বইহে জানিব৷ উল্লেখ্য যে এসময়ত অতুল বৰাৰ সোঁহাতস্বৰূপ পৱন শইকীয়াই হঠাৎ গ্রহণ কৰা এই সিদ্ধান্তই ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰিছে৷ আনহাতে পৱন শইকীয়াই পৰৱর্তী সময়ত কি স্থিতি গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ আঞ্চলিকতাবাদৰ স্বার্থত এটা দল ত্যাগ কৰি পুনৰ কোনটো ৰাজনৈতিক দলত যোগদান কৰে, সেয়া এক চর্চাৰ বিষয় হৈ পৰিছে৷

You might also like