নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ মেগাৱাট শক্তিসম্পন্ন প্রকল্পৰ জৰীপ ব্রহ্মপুত্র ব’ৰ্ডৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ধেমাজিৰ চকুলো হিচাপে চিনাকি হৈ পৰা জীয়াধল নদীৰ সীমনা তথা পাহাৰ–ভৈয়ামৰ সংগমস্থলত নির্মাণ হ’ব ৬০ মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ প্রকল্প৷ নদীখনে নামনিত প্রতিবছৰে সৃষ্টি কৰা ভয়াৱহ বান প্রতিৰোধৰ লক্ষ্যৰে জীয়াধলত ক্ষুদ্র জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবে ব্রহ্মপুত্র ব’র্ডে ইতিমধ্যে জৰীপ কার্য সম্পূর্ণ কৰি তুলিছে৷

নদীখনৰ তীব্রবেগী ধলে বিগত প্রতিটো বছৰে সংহাৰী ৰূপ ধাৰণ কৰি ধেমাজিৰ লগতে লখিমপুৰৰ ঢ়কুৱাখনা সমষ্টিৰ ঘিলামৰা সোৱণশিৰি ৰাজহ চক্রৰ এক বিস্তৃত অঞ্চলত জলপ্রলয় সৃষ্টি কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ নদীখনে বাৰিষাৰ সময়ছোৱাত তীব্র গতিৰে যিকোনো মুহূর্ততে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টিৰ কৰি অহা বিষয়টোৰ প্রতি লক্ষ্য ৰাখি এই গতি নিয়ন্ত্রণৰ বাবে এটা ক্ষুদ্র জলবিদ্যুৎ প্রকল্পৰ পৰিকল্পনা কৰা বুলি লখিমপুৰৰ সাংসদ প্রদান বৰুৱাই সদৰী কৰিছে৷ ৬০ মেগাৱাট শক্তিসম্পন্ন ক্ষুদ্র জলবিদ্যুৎ প্রকল্পটোৰ জৰীপ কার্য ব্রহ্মপুত্র ব’র্ডে প্রায় সম্পূর্ণ কৰি তোলা বুলি সংবাদ মাধ্যমক জানিবলৈ দি সাংসদজনে প্রকল্পৰ বান্ধটো অৰুণাচলৰ পাহাৰ এলেকাত নির্মাণ হোৱাৰ পূর্ণ সম্ভাৱনা ব্যক্ত কৰে৷ জীয়াধল নদীয়ে নামনিত সাগৰৰ জোৱাৰভাটা সদৃশ এক পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ ফলত পানীৰ মাজত আবদ্ধ হৈ পৰা লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে প্রায়ে এনডিআৰএফৰ সহায় ল’ব লগা হয়৷

তদুপৰি শেহতীয়াকৈ বিগত দুটা বর্ষত জীয়াধল নদীয়ে ইয়াৰ মূল গতিপথ কুমতীয়া নদীলৈ বৈ যোৱা সুঁতি সলনি কৰি উপ–সুঁতিৰে বাগৰি আহি চমৰাজান ৰাষ্ট্রীয় ঘাইপথৰ ভজো–জালভাৰী–জীয়াধ চাৰিআলি হৈ নদীখনে ক্রমাৎ ধেমাজি নগৰৰ দিশে গতি কৰিছে৷ একেদৰে পাহাৰৰ পৰা খহাই অনা বালিয়ে বাসগৃহ, খেতিপথাৰ পুতি আন এক আহুকাল সৃষ্টি কৰি আহিছে জীয়াধল নদীয়ে৷ সেইবাবেই জীয়াধলৰ গতি নিয়ন্ত্রণৰ বিশেষ প্রয়োজনীয়তা আহি পৰিছে৷ অন্যথা নদীখন ধেমাজি নগৰৰ বাবে বিপদৰ কাৰণ হৈ উঠাৰ সম্ভাৱনা প্রবল৷

You might also like