নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ২৭ শিশু ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ যোৰহাটৰ লিচুবাৰীত থকা শিশু পর্যবেক্ষণগৃহৰ ২৭টা শিশু আৰু কিশোৰৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে৷ শনিবাৰে ইয়াৰ শিশু আৰু কিশোৰসকলৰ পৰীক্ষাৰ ফলাফল আহে৷ ইতিমধ্যে এই আক্রান্তসকলক এন আই ডিৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হৈছে৷

ইফালে, জিলাখনত দেওবাৰৰ দিনটোত ৫৯জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ জিলাখনৰ ৪৩০৮জন লোকৰ দেহত পজিটিভ পোৱাৰ বিপৰীতে ২৭৩৪জনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷

You might also like