ৰহাৰ দেওবালিত একেটা পৰিয়ালৰে ৩ জনৰ ক’ভিড-১৯ পজিটিভ; গাঁৱত বিক্ৰী কৰিছিল ব্ৰয়লাৰ
নাই কোনো ট্ৰেভেল হিষ্ট্ৰী, ২৬ জনলোকৰ স্বাব সংগ্ৰহ
নিয়মীয়া বাৰ্তা, ৯ জুনঃ সমগ্ৰ ৰাজ্যতে মহামাৰী ক’ৰোনা ভাইৰাছে সন্ত্ৰাস চলাই থকাৰ সময়তে সোমবাৰে নগাঁও জিলাৰ ৰহাৰ দেওবালিত একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ ক’ৰোনা পজিটিভৰ ফলাফল লাভ হোৱাত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
প্ৰাপ্ত খবৰ মতে, ৰহাৰ নিকটৱৰ্তী দেওবালি পথাৰৰ প্ৰফুল্ল দাস, পুত্ৰ লক্ষ্যজ্যোতি দাস আৰু বোৱাৰী জ্যোতি দাস আক্ৰান্ত হৈছে কভিড -১৯ত। স্থানীয় একাংশ ৰাইজৰ পৰা জানিব পৰা মতে পৰিয়ালটোৰ নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰী। কিন্তু কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ এই পৰিয়ালটো কেনেকৈ ক’ৰোনাত সংক্ৰমিত হ’ল সেই লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।
ইপিনে কিছুদিনৰ আগতে পৰিয়ালটোৰ এজন সদস্যই জ্বৰত আক্ৰান্ত হৈ চিকিৎসকৰ ওচৰ চাপিছিল। কিন্তু সদস্যজনৰ স্বাভাৱিক লক্ষণ দেখা পাই চিকিৎসকে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়াত চিকিৎসালয়ত স্বাৱ সংগ্ৰহ কৰিছিল তিনিজনৰ। পাছত কালি নগাঁও চিকিৎসালয়ত সদস্যকেইজনৰ ক’ৰোণা পজিটিভ ফলাফল অহাৰ লগে লগে জিলা স্বাস্থ্য বিভাগে বিয়লি ভাগতেই তিনিওজনকে কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উক্ত খবৰ সকলোতে বিয়পি পৰাত নিশালৈ ৰহাৰ স্থানীয় প্ৰশাসনে চেনিটাইজ কৰি অঞ্চলটো। পাছত মঙলবাৰে ৰহা ৰাজহ চক্ৰ বিষয়া ডাঃ প্ৰিয়ংকা বনিয়াই দেওবালি ঘটনাস্থলী সংযোগী দীঘলদৰী-দেওবালি; কাকতি গাঁও-দেওবালি আৰু ফুলগুৰি -দেওবালি সংযোগী তিনিটা পথ যাতায়তৰ বাবে বন্ধ কৰি কনটেইন্টমেন জ’ন হিচাপে ঘোষণা কৰে।
উল্লেখ্য যে, ক’ৰোণা আক্ৰান্ত সদস্য লক্ষ্যজ্যোতিয়ে লক ডাউনৰ সময়চোৱাত কামপুৰৰ কোনো লোকৰ ঘৰৰ পৰা ব্ৰয়লাৰ ক্ৰয় কৰি আনি গাঁৱত বিক্ৰি কৰিছিল বুলি অভিযোগ উঠিছে। আজি স্বাস্থ্যবিভাগে ব্যক্তি কেইজনৰ সংস্পৰ্শলৈ অহা অঞ্চলটোৰ ২৬ জন লোকৰ স্বাব গ্ৰহণ কৰিছে ।