নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩২২২.৪৭ কোটিৰে বিকাশমুখী বাজেট বিটিচিত

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ বিটিচিৰ বিধান পৰিষদীয় ভৱনত শুকুৰবাৰৰে পৰা দুদিনীয়া কার্যসূচীৰে বিটিআৰৰ প্রমোদ বডো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্রজোঁটৰ চৰকাৰখনৰ বাজেট অধিৱেশনখন আৰম্ভ হয়৷ অধ্যক্ষ কাতিৰাম বডোৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বাজেট অধিৱেশনত বিটিআৰৰ চাৰিখন জিলাৰ ২০২১–২০২২ বিত্তীয় বর্ষৰ চল্লিছটা শিতানৰ সাধাৰণ বাজেট দাখিল কৰে বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে৷

উল্লেখ্য যে বিৰোধী শূন্যৰ মাজতে মিত্রজোঁটৰ পৰিষদীয় চৰকাৰখনৰ সর্বমুঠ ৩,২২২ কোটি ৪৭ লাখ ৫৩ হাজাৰ টকাৰ সাধাৰণ বাজেটখন উপস্থাপন কৰে মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে৷ অৱশ্যে সদনৰ মজিয়াত কালি দাখিল কৰা সাধাৰণ বাজেটখন পুনৰ অহা এক মার্চত অনুষ্ঠিত হ’বলগা অধিৱেশনত সর্বসন্মতিক্রমে গৃহীত হোৱাৰ সম্ভাৱনা আছে৷

ইপিনে, বিটিচিৰ সাধাৰণ বাজেট দাখিল কৰি বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে সাংবাদিকৰ আগত কয় যে বিটিচিৰ বাজেটে পৰিষদৰ পিছপৰা আৰু সমস্যাজর্জৰিত জনগোষ্ঠীসকলক লাভান্বিবত কৰিব৷ তেওঁ বিটিচিৰ বাজেটত শিক্ষা, কৃষি আৰু স্বাস্থ্যখণ্ডৰ উপৰি সমাজ কল্যাণত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি জনায়৷ প্রমোদ বডোৱে বিটিআৰৰ মিত্রজোঁটৰ চৰকাৰখনে ইতিমধ্যে পৰিষদৰ কার্যনির্বাহক সভাত বিটিআৰৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ বাবে প্রত্যেকৰে একোখনকৈ উন্নয়ন ব’ড আৰু মহকুমা ভিত্তিক ভূমি উপদেষ্টা ব’ৰ্ড গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি জানিবলৈ দি বিটিআৰত বিভিন্ন বিভাগত খালী হোৱা পদত নিযুক্তি দিয়া, অ’বিবি শিক্ষক, টেট শিক্ষক আৰু ১৯৯৯ চনৰ শিক্ষকৰ সমস্যাৰ উপৰি পূর্বৰ চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়া চাকৰি আৰু বকেয়া ধন আদায় দিবলগীয়া ঠিকাদাৰসকলৰো সমস্যা শীঘ্রে সমাধান কৰাৰ প্রতিশ্রতি দিয়ে৷

ইপিনে, কালি বিটিচিৰ বাজেট অধিৱেশনত হাগ্রামা মহিলাৰীকে আদি কৰি বিপিএফৰ এজনো পাৰিষদ উপস্থিত নথকা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি প্রমোদ বডোৱে কয়– বিপিএফে নীতিহীন ৰাজনীতি কৰিছে বাবে ৰাইজৰ উন্নয়নৰ চিন্তা কৰা নাই৷ ক্ষমতা আৰু টকাহে চিনি পায় বিপিএফে৷ আগন্তুক বিধানসভা নির্বাচন সম্পর্কে বডোৱে বিটিআৰৰ অধীনত থকা আটাইকেইটা বিধানসভা সমষ্টি ইউপিপিএল আৰু বিজেপি দলে মিলি পাব বুলি দাবী কৰে৷

তেওঁ লগতে কয়– ৰাইজে পৰিৱর্তন বিচাৰিছে আৰু ইউপিপিএলে পৰিৱর্তনৰ হকে কাম কৰি আছে৷ গতিকে ৰাইজে এইবাৰ সম্পূর্ণভাৱে সমর্থন ইউপিপিএল দলকে দিব বুলি কয়৷ ভিচিডিচিক লৈ প্রমোদ বডোৱে ইউপিপিএল, বিজেপি আৰু জিএছপিৰে কোনো বিবাদ নাইবুলি কৈ মিত্রজেজাটৰ চৰকাৰখনে নির্বাচনৰ পাছত ভিচিডিচিক কার্যকৰী কৰি তুলিব বুলি সদৰী কৰে৷

You might also like