নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাবীৰ চিলাৰায় দিৱস

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, ধুবুৰী জিলা প্রশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত আজি ধুবুৰী জিলাৰ আগমনিত চিলাৰায় দিৱস উদযাপন কৰা হৈছে৷

বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১১সংখ্যক জন্ম জয়ন্তী উপলক্ষে আগমনিৰ চিলাৰায় উদ্যানৰ সমীপত অনুষ্ঠিতব্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ অনুষ্ঠানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰী, সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী প্রমুখ্যে বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷

ইপিনে আজি পুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমিনগাঁৱৰ বীৰ চিলাৰায় উদ্যানত বীৰযোদ্ধাগৰাকীলৈ পুষ্পাঞ্জলি নিবেদন কৰে।

You might also like