নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপীয়াত ২ টাকৈ পথ নিৰ্মাণকাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ আজি অসমৰ বিত্ত, লোকনিৰ্মাণ, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুপীয়া ৰঙাচকুৱা মৰিখুঁটি বালিজুৰি পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক শুভ আৰম্ভ কৰে ।

উল্লেখ্য যে এই পথটোৰ নিৰ্মাণত ব্যয় হোৱা ধনৰ পৰিমান হৈছে ৪৫.৫৯ কোটি টকা । একে সময়তে মন্ত্ৰী ডাঙৰীয়াই ৰঙাচকুৱা খেৰবাৰী সংযোগী, ৮.৭৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া পথটোৰ নিৰ্মাণ কার্যৰো শুভ উন্মোচন কৰে।

এই অনুষ্ঠানত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়, “৪৫.৫৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া এই পথটো মোৰ বিধায়ক জীৱনৰ আটাইতকৈ ব্যয় বহুল পথ । মুঢ়াদ’ল মৌজাৰ যাতায়াতৰ ক্ষেত্ৰত এই দীৰ্ঘকালীন সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈ মই গৌৰৱ বোধ কৰিছোঁ, আনন্দিত হৈছোঁ। ইমান বিশাল পুঁজিৰ অনুমোদনৰে এই বৃহত্তম কাৰ্যটি বাস্তৱায়িত কৰাৰ মূল ৰূপকাৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।”

You might also like