নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI নিযুক্তিৰ কেলেংকাৰিৰ দোষীক সাৰি যাবলৈ দিয়া নহয়ঃ মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ SI নিযুক্তিৰ কেলেংকাৰিত জড়িত কোনো লোককে সাৰি যাবলৈ দিয়া নহ’ব। সেয়াই লাগিলে উচ্চপদস্থ বিষয়া অথবা নিম্নবৰ্গৰ কৰ্মচাৰী। উল্লেখ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত হোৱা বেমেজালি আৰু পৰীক্ষা নৌহওঁতেই ফাদিল হোৱা প্ৰশ্ন কাকতৰ পাছতেই সোণোৱাল চৰকাৰৰ বিৰুদ্দে সোচ্চাৰ হৈ পৰিছিল চাকৰিপ্ৰত্যাশী একাংশ যুৱক-যুৱতীয়ে। তাৰ পিছতেই মুখ্যমন্ত্ৰী সোণোৱালে সমগ্ৰ ঘটনাত তদন্তৰ নিৰ্দেশ দিছিল আৰু জি পি সিঙৰ নেতৃত্বত চলা তদন্তত অসম আৰক্ষীৰ প্ৰাক্তন DIGকে ধৰি বিজেপিৰ সদস্যও জালত পৰিছিল।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰক্ষীয়ে দিনে নিশাই তদন্ত চলাই আছে। আপোনালোক সকলোৱে সহয় কৰক। তদন্তৰ আওঁতাৰ পৰা কোনো সাৰি যাব নোৱাৰে। অতি নিৰপেক্ষভাৱে তদন্ত চলি আছে আৰু ইয়াত আপোন-পৰৰ কথা নাই। আৰক্ষীৰ তদন্তৰ যোগেদি প্ৰকৃত সত্য উদ্ঘাটন হ’ব এই কথা নিশ্চিত।

You might also like