নিয়মীয়া বাৰ্তা ২৯ জুনঃ মৰিগাঁৱৰ ভূৰাগাঁৱৰ ৯ বছৰীয়া শিশু ধর্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ইমাম চৈয়দ আলীয়ে যাতে দৃষ্টান্তমূলক শাস্তি লাভ কৰে তাৰ বাবে আদালতত এখন ক্রটিহীন চার্জশ্বীট দাখিল কৰিবলৈ দিনে–নিশাই চেষ্টা অব্যাহত ৰাখিছে মৰিগাঁও জিলা আৰক্ষীয়ে৷ এই জঘন্য কাণ্ডৰ মূল অভিযুক্ত কোনো কাৰণতে সাৰি যাব নোৱাৰিব বুলি ঘোষণা কৰিছে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনে৷
উল্লেখ্য যে ২০ জুনত সংঘটিত হোৱা এই নাৰকীয় কাণ্ড সন্দর্ভত ভূৰাগাঁও আৰক্ষী থানাত ১১২/২০২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছে৷ উল্লেখ্য যে এই ঘটনাৰ চৰজমিন তদন্তৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নিজেই হেলিকপ্টাৰযোগে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে ভোৰাগাঁও থানাত উপস্থিত হৈছিল আৰু আৰক্ষীক কঠোৰ পদক্ষেপ গ্রহণৰ নির্দেশ দিছিল৷
উল্লেখ্য যে মুখ্যমন্ত্রীয়ে ভোৰাগাঁৱৰ পৰাই ঘোষণা কৰিছিল যে সকলো ধৰণৰ অপৰাধৰ বিৰুদ্ধে শূন্যসহনশীল নীতি অৱলম্বন হ’ব৷ মুখ্যমন্ত্রীৰ নির্দেশৰ ৪৮ ঘণ্টা নৌহওঁতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনৰ নেতৃত্বত আৰক্ষীয়ে লম্পট ইমাম চৈয়দ অলীক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়৷ আদালতে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷ উল্লেখ্য যে এইসন্দর্ভত অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে অভিযুক্তক জেৰা চলাই আছে৷ ইতিমধ্যে আৰক্ষীৰ আগত সেই নাৰকীও কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে লম্পট ইমামে