নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা আৰু সোণাৰি চাপৰিত একেদিনাই ৫ স্বামীক গেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ বাল্যবিবাহৰ দৰে আইন বিৰুদ্ধ অক্ষমনীয় অপৰাধ সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া কঠোৰ সকীয়নীৰ পাছতে ঢকুৱাখনা আৰু সোণাৰি চাপৰি আৰক্ষীয়ে এনে অপৰাধীৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্রতৰ অভিযান। ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় আৰু উপ পৰিদর্শক গৌতম দত্তৰ যৌথ নেতৃত্বত বৃহস্পতিবাৰে নিশা সদৰ থানাৰ অন্তৰ্গত টাউন তিনিআলিত অভিযান আৰম্ভ কৰি অৰুণ গগৈ(২১) আৰু দেৱজিত সাহানি(২৩) নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ।

ইয়াৰ সমান্তৰাল ভাবে সোণাৰি চাপৰি আৰক্ষী চকীৰ  অন্তৰ্গত ভাটি কেঁকুৰী গাঁওৰ পুতুল চুতীয়া(২০),বিতোপন খনিকৰ আৰু  ৰূপম খনিকৰ (২১) নামৰ ৩  জন অবৈধ  স্বামীক সোণাৰি চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী আৰক্ষীৰ দলে  নিশা ভাটি কেঁকুৰী গাঁওৰ পৰা  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানা, ঘিলামৰা আৰক্ষী থানা আৰু সোণাৰি চাপৰি আৰক্ষী চকী এলেকাত অব্যাহত আছে আৰক্ষীৰ অভিযান ।

You might also like