নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰতো সম্পূর্ণ হোৱা নাই ১.৫ কোটি টকীয়া মথাউৰি

নিয়মীয়া বাৰ্তা, ৬ মে’ : হাজাৰ হাজাৰ ডিক্রংপৰীয়া ৰাইজৰ সুৰক্ষাৰ বাবে কেন্দ্রীয় চৰকাৰে ১০৫ কোটি টকা আবণ্টনেৰে নির্মাণ কৰা ডিক্রং নৈৰ পাৰৰ মথাউৰি নির্মাণত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ মথাউৰি নির্মাণৰ নামত ঠিকাদাৰৰে মিলি কেনেদৰে একাংশ জলসম্পদ বিষয়াই লাখ লাখ টকা লুণ্ঠন কৰিছে, সেয়া লাহে লাহে উন্মোচিত হ’বলৈ ধৰিছে৷

উল্লেখ্য যে লখিমপুৰ জিলা জলসম্পদ বিভাগৰ অধীনস্থ বিহপুৰীয়া মহকুমা জলসম্পদ কার্যালয়ৰ অতিৰিক্ত কার্যবাহী অভিযন্তাগৰাকীয়ে অৰুণাচলৰ এজন ঠিকাদাৰৰ পৰা ১৬ লাখ টকা উৎকোচ লোৱাৰ এক অভিযোগে বিভাগটোৰ ভিতৰচ’ৰাত তীব্র জোকাৰণি সৃষ্টি কৰিছে৷ প্রাপ্ত অভিযোগ অনুসৰি ডিক্রং মথাউৰিৰ মেৰবিল অংশৰ প্রায় তিনি কিলোমিটাৰ দৈর্ঘ্য নির্মাণৰ বাবে নিবিদা লাভ কৰিছিল অৰুণাচল প্রদেশৰ কেঙে কনষ্ট্রাকচনে৷ ডিক্রঙৰ বাঁওপাৰৰ ৩,৩০০ মিটাৰ অংশৰ পৰা নামনিলৈ মথাউৰি নির্মাণৰ বাবে মুঠ ৪ কোটি ৫৭ লাখ ৮৭ হাজাৰ ৫০১ টকাত অৰুণাচলৰ কোম্পানীটো জলসম্পদ বিভাগৰ লগত চুক্তিবদ্ধ হৈছিল ২০১৪ চনত৷

সেইমর্মে কেঙে কনষ্ট্রাকচনে ৭৮ শতাংশ কাম সম্পূর্ণ কৰাৰ বিনিময়ত প্রায় ৩ কোটি ১৫ লাখ টকা ২০১৯ চনত জলসম্পদ বিভাগৰ পৰা লাভ কৰে৷ অভিযোগ মতে, ইয়াৰ পাছৰে পৰা বিহপুৰীয়া জলসম্পদ বিভাগৰ অতিৰিক্ত কার্যবাহী অভিযন্তা জীৱন চন্দ্রাই নির্মাণ সংস্থাটোক বিভিন্ন ভয়–ভাবুকি দেখুৱাই মথাউৰিৰ কাম কৰাত বাধা প্রদান কৰে আৰু ইয়াৰ বিপৰীতে ৫০ লাখ টকা দাবী কৰে৷ বিষয়াগৰাকীয়ে অৰুণাচলৰ নির্মাণকাৰী সংস্থাটোক পতিয়ন নিয়াবলৈ যত্ন কৰে যে তেওঁক উক্ত ধন আদায় দিলে তেওঁ নিজৰ মানুহ লগাই কাম সম্পূর্ণ কৰিব আৰু মথাউৰিৰ কাম সম্পূর্ণ হোৱাৰ প্রমাণ–পত্র অর্পণ কৰিব৷

সেইমর্মে বিষয়াগৰাকীয়ে নির্মাণ সংস্থাটোৰ স্বত্বাধিকাৰী দাদু টাজুকৰ সৈতে অৱশেষত ২০ লাখ টকাত দাম নির্ধাৰণ কৰে৷ প্রাপ্ত অভিযোগ অনুসৰি টাজুকৰ পৰা বিষয়াগৰাকীয়ে ১৬ লাখ টকা কৌশলেৰে আত্মসাৎ কৰে৷ এই ধন ঠিকাদাৰজনৰ পৰা হস্তগত কৰিবলৈ তেওঁ ব্যৱহাৰ কৰে প্রশান্ত দাস নামৰ এজন যুৱকক৷ প্রশান্ত দাসে সাংবাদিকৰ আগত প্রকাশ কৰা অনুসৰি বিষয়াগৰাকীয়ে তেওঁক চিনাকি কৰাই দিছিল ঠিকাদাৰজনৰ লগত আৰু মুঠ ১২ লাখ টকা দাসে ঠিকাদাৰজনৰ পৰা সংগ্রহ কৰে৷

অৱশ্যে দাসে দাবী কৰে যে তেওঁ উপ–ঠিকাদাৰ হিচাপে কাম কৰাৰ বাবেহে এই ধন লাভ কৰিছিল৷ কিন্তু যুৱকজনে উপ–ঠিকাদাৰ হিচাপে নিয়োগৰ কোনো চুক্তি–পত্র দেখুৱাবলৈ সক্ষম নহ’ল৷ প্রাপ্ত অভিযোগ অনুসৰি অভিযন্তা চন্দ্রাই প্রশান্ত দাস নামৰ যুৱকজনক এনেদৰে উৎকোচ সংগ্রহৰ কামত নিয়োজিত কৰি আহিছে৷ সাংবাদিকৰ আগত বিষয়া চন্দ্রাই প্রকাশ কৰা অনুসৰি তেওঁ অৰুণাচলৰ ঠিকাদাৰজনক উপ–ঠিকাদাৰক কামৰ বিনিময়ত ধন দিবলৈহে হেঁচা প্রয়োগ কৰিছিল আৰু ১৬ লাখ টকাৰ লগত তেওঁৰ কোনো সম্পর্ক নাই৷ ইফালে প্রাপ্ত তথ্য অনুসৰি বিষয়াগৰাকীয়ে অৰুণাচলৰ ঠিকাদাৰজনৰ পৰা ১৬ লাখ টকা আত্মসাৎ কৰাৰ পাছত একেটা কামকে ৰোহিত শ্বাহ নামৰ নতুন ঠিকাদাৰ এজনক নিবিদা আহ্বান নকৰাকৈয়ে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াক মেনেজ কৰি হস্তান্তৰ কৰে৷ প্রায় ১ কোটি ১৫ লাখ টকাৰ কাম অবৈধভাৱে নতুন ঠিকাদাৰক অর্পণ কৰি পুনৰ ধন ঘটাৰ বাট মুকলি কৰে বিষয়াগৰাকীয়ে৷

এই বৃহৎ দুর্নীতিত লখিমপুৰ জিলা জলসম্পদ বিভাগৰ কার্যবাহী বিষয়াগৰাকীও জড়িত থকাৰ অভিযোগ উঠিছে৷ আনহাতে, ৰোহিত শ্বাহ নামৰ ঠিকাদাৰগৰাকীয়ে প্রায় ৩৭ লাখ টকাত উপ–ঠিকাদাৰ নিয়োগ কৰি মথাউৰিটো নির্মাণ আৰম্ভ কৰিবলৈ লৈছে৷ ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে নতুন ঠিকাদাৰজনৰ লগ হৈ জলসম্পদৰ অভিযুক্ত বিষয়াজনে ৩৭ লাখ টকা ব্যয় কৰি প্রায় ৮০ লাখ টকা নতুন ঠিকাদাৰ শ্বাহৰ লগত ভাগ–বাটোৱাৰা কৰাৰ অভিসন্ধি পাতিছে৷ অৰুণাচলৰ নির্মাণ সংস্থাটোৱে অভিযোগ কৰা মতে, কোনোধৰণৰ কাৰণ দর্শোৱা জাননী নিদিয়াকৈয়ে সংস্থাটোৰ কাম নতুন ঠিকাদাৰলৈ কৌশলেৰে আবণ্টন দিয়া হয় জলসম্পদৰ বিভাগৰ বিতর্কিত বিষয়াগৰাকীৰ মধ্যস্থতাত৷ সংস্থাটোৱে এই বৃহৎ দুর্নীতিৰ তদন্ত বিচৰাৰ লগতে দুর্নীতিকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে৷

ঠিকাদাৰ সলনিৰে জলসম্পদ বিভাগৰ একাংশ বিষয়াই লাখ লাখ টকা আত্মসাৎ কৰাৰ বিপৰীতে আধৰুৱা মথাউৰি সন্মুখত লৈ সমাগত বাৰিষা কেনেকৈ পাৰ কৰিব, তাক লৈ উদ্বিগ্ণ হৈ পৰিছে সাধাৰণ জনতা৷

You might also like