নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ বছৰ ধৰি তাঁতশালত কাপোৰ বোৱা লেচেৰাই গাঁৱৰ হেম কুমাৰ টাইদ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ সৰুতেই মাক আৰু গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে তাঁতশালত কাপোৰ বোৱা দেখি তাঁতশালৰ প্ৰতি আকৃ‌ষ্ট হৈছিল পশ্চিম ঢকুৱাখনাৰ অতি ভিতৰুৱা লেচেৰাই নামৰ গাঁওখনৰ হেম কুমাৰ টাইদ নামৰ লোকজন৷

কিছু জনা হোৱাৰে পৰাই ইগৰাকীৰ তাঁতশাল সিগৰাকীৰ তাঁতশালত মাকো মাৰি সূতা ছিঙা হেম কুমাৰে ৮ বছৰ বয়সৰ পৰাই তাঁত ববলৈ আৰম্ভ কৰে৷

খেতি-বাতিৰে জীৱন নিৰ্বাহ কৰা টাইদে সময় পালেই তাঁতশালত কাপোৰ বুৱে। সেই কাপোৰ বিক্ৰী কৰি  উপাৰ্জন কৰা টকাৰে  পৰিয়াল পোহপাল দিয়াতো সহায়ক হয় লোকগৰাকীৰ। আৰু আজি  ৫০ বছৰ ধৰি তাঁতশালত সপোন ৰচা হেম কুমাৰ টাইদ থমকি ৰোৱা নাই।

বয়স বঢ়াৰ লগে লগে কাপোৰ বিক্ৰী বন্ধ কৰে যদিও তাঁতশালত কাপোৰ বোৱাৰ নিচা তেওঁ এৰি দিয়া নাই। অসমীয়া বাপতি সাহোন তাঁতশালত এইদৰে সময় পাৰ কৰা হেম কুমাৰ টাইদ সঁচাকৈয়ে এক আদৰ্শনীয় ব্যক্তিত্ব।

You might also like