ছমাহৰ পিছতো নিযুক্তিৰ পৰা বঞ্চিত অসম প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থী
নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিবলৈ শিক্ষামন্ত্ৰীক ধেমাজি টেট উত্তীৰ্ণৰ আহ্বান
নিয়মীয়া বাৰ্তা, ১ জুলাইঃ ৰাজ্যৰ লাখ লাখ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে ২০১৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ শাসনৰ বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰে শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত হোৱা প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চৰম উদ্বিগ্নতা প্ৰকাশ কৰিছে ধেমাজি জিলা অসম টেট উত্তীৰ্ণ সমিতি-২০১৯ য়ে। এক বিবৃতিযোগে জানিবলৈ দিয়া অনুসৰি, শিক্ষাৰ অধিকাৰ আইনৰ লক্ষ্য পূৰণ কৰিবলৈ অসম চৰকাৰ আৰু প্ৰাথমিক শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদ (এন.চি.টি.ই)ৰ পৰামৰ্শৰ আধাৰত মেধা আৰু উপযুক্তভাৱে শিক্ষিত শিক্ষকক ৰাজ্যৰ শিক্ষাখণ্ডত নিয়োজিত কৰিবলৈ বিগত বৰ্ষৰ দৰে ২০১৯ বৰ্ষৰ ১০ নৱেম্বৰত অনুষ্ঠিত কৰিছিল শিক্ষক যোগ্যতা পৰীক্ষা। কিন্তু সেই বৰ্ষৰে ৩১ ডিচেম্বৰত ৰিজাল্ট ঘোষণা কৰাৰ ছমাহ উকলি যোৱাৰ পিছতো পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে এতিয়া চৰম অনিশ্চয়তাত ভূগিছে অসম প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে।
উল্লেখযোগ্য যে, শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হোৱাৰ মানসেৰে শিক্ষা বিভাগে ধাৰ্য কৰি দিয়া নীতি- নিৰ্দেশনা অনুসৰি যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলৰ একাংশই বয়সজনিত কাৰণত অতি চিন্তান্বিত হৈ পৰিছে। তদুপৰি কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহৰ প্ৰমাণ পত্ৰত নিজাকৈ টেট অনুষ্ঠিত কৰা ৰাজ্যত গুৰুত্ব নোপোৱা বিষয়টো স্পষ্টভাৱে উল্লেখ থকাৰ পিছতো কি কাৰণত অসমত প্ৰাধান্য প্ৰদান কৰা হৈছে তাক লৈও এতিয়া সচেতন মহলৰ মাজত সৰৱ চৰ্চা চলিছে। সমগ্ৰ বিষয়টিৰ সন্দৰ্ভত চৰকাৰৰ নীতি- নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি কালি চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌৰ ডায়মণ্ড পাব্লিক ইংলিচ স্কুলত ধেমাজি জিলা অসম টেট উত্তীৰ্ণ সমিতি-২০১৯ ৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সমিতিয়ে ধেমাজি জিলাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যোগাযোগৰ বাবে ৯৩৬৫৭-৩০৭৩১ আৰু ৭০০২৩-৪৩৫৪৬ নম্বৰ দুটা মুকলি কৰাৰ লগতে এই সভাৰ জৰিয়তে ধেমাজি জিলা সমিতিয়ে অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক যিকোনো প্ৰকাৰে নিযুক্তি দিবলৈ আহ্বান জনায়। এনে পৰিপ্ৰেক্ষিতত সততে নিকা ভাৱমূৰ্তিৰ পৰিচয় দিয়া মুখ্যমন্ত্ৰী সোণোৱালে নিয়োগ বঞ্চিত এইসকল টেট উত্তীৰ্ণৰ বিষয়টো অনাগত দিনত কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।