নিয়মীয়া বাৰ্তা, ১ জুলাইঃ ১ জুলাইৰ পৰা আৰম্ভ হৈছে আন্তৰ্জাতিক ৰটাৰী ক্লাৱৰ শুভ নৱবৰ্ষ । আজিৰ এই দিনটোত দুলীয়াজান ৰটাৰী ক্লাৱে ক’ভিড-১৯ যোদ্ধা হিচাপে দুলীয়াজানৰ দুই সংবাদ সংস্থাৰ লগতে আৰক্ষী-চিকিৎসকক সম্বৰ্ধনা জনাই ক্লাৱৰ নৱবৰ্ষৰ শুভাৰম্ভণি কৰে । দুলীয়াজান ৰটাৰী কমিউনিটি হ’লত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোৰ আৰম্ভণিতে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ৰটাৰী ক্লাৱৰ নৱনিৰ্বাচিত সভাপতি ৰাজুমণি গগৈয়ে । সম্পাদক বিমল বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটোত দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ আৰু দুলীয়াজান প্ৰেছ ক্লাৱৰ সমূহ সদস্যৰ হৈ সভাপতি-সম্পাদক সকলক গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাৰ্ভা দেৱী, নামৰূপৰ উপ আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্য, দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপজ্যোতি দত্ত, ভাদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কামেশ্বৰ গগৈ, অইল চিকিৎসালয়ৰ মহা প্ৰৱন্ধক প্ৰাণজিৎ প্ৰাণ বৰুৱা, মহকুমা স্বাস্থ্য বিষয়া ডাঃ কুলেন চন্দ্ৰ গোহাঁইকো সম্বৰ্ধনা জ্ঞাপন কৰে এই অনুষ্ঠানতে । অনুষ্ঠানটোত উপস্থিত থাকে ৰটাৰীয়ান ক্ৰমে আদিত্য গোস্বামী, প্ৰবীণ শইকীয়া, পংকজ গোস্বামী, প্ৰাঞ্জল বৰুৱা, সুনীল বৰগোহাঁই, পাৰ্থ প্ৰতিম হাজৰিকা, কৰুণজ্যোতি শইকীয়া, সিদ্ধাৰ্থ প্ৰতিম হাজৰিকা, গৌতম বৰুৱা, যশপাল সিং, নৱজিৎ দত্ত আদি ।
You might also like