মূলসুঁতিলৈ উভতিল ৬৭ এনএলএফবি কেডাৰ; ঘন জংঘলৰ পৰা ওলাই আহিল বাথা নেতৃত্বাধীন সংগঠনৰ অন্তিম দল
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: নৱগঠিত এন এল এফ বি নামৰ বিদ্রোহী সংগঠনৰ মুখ্য সেনাধ্যক্ষ এম বাথা, সভাপতি –আই বি বংথিগৰা আৰু উপ–মুখ্য সেনাধ্যক্ষ বকো বসুমতাৰীসহ আন ২৩গৰাকী সদস্যই যোৱা ২২ জুলাইত আত্মসমর্পণ কৰাৰ পিছত আজি পুনৰ আন ৬৭গৰাকী এন এল এফ বি সদস্যই সীমান্তৱর্তী কিয়াজুলিত আত্মসমর্পণ কৰে৷
ভূটান আৰু অৰুণাচল সীমান্তৱর্তী ঘন অৰণ্যৰ পৰা ওলাই অহা এন এল এফ বি সদস্যৰ এইটো চতুর্থ অর্থাৎ শেষ আত্মসমর্পণকাৰী গোট বুলি জানিব পৰা গৈছে৷ এন এল এফ বিৰ ৬৭গৰাকী কেডাৰে হাতত মাৰণাস্ত্রসহ অৰুণাচল পাহাৰৰ ঘন অৰণ্যৰ মাজেৰে খোজকাঢ়ি আহি লালপানী আৰক্ষী চকীৰ অধীনৰ নাওহেৰুৱা ভিচিডিচিৰ অন্তর্গত কিয়াজুলি গাঁৱত উপস্থিত হয়৷
আগৰে পৰা গাঁওখনত অপেক্ষা কৰি থকা হাজাৰ হাজাৰ পুৰুষ–মহিলা, কণ কণ শিশু,বৃদ্ধ –বৃদ্ধাসকলে কেডাৰসকলক আৰণাইৰে আদৰণি জনায়৷ সমান্তৰালকৈ ‘এন এল এফ বি জিন্দাবাদ’ ধ্বনিৰে পৰিৱেশ উত্তাল হৈ পৰে৷ সংগঠনটোৰ হৈ সভাপতি আই বি বংথিগৰা, মুখ্য সেনাধ্যক্ষ এম বাথা, উপ–মুখ্য সেনাধ্যক্ষ বি বকো আৰু ৰাজ্য চৰকাৰৰ হৈ ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বডো, মাজবাট থানাৰ ভাৰপ্রাপ্ত আৰক্ষী অধীক্ষক মিণ্টু সন্দিকৈ, লালপানী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহঁাই আৰু চৰকাৰ–এন ডি এফ বিৰ মধ্যস্থতাকাৰী থুলুংগাই সংগঠনটোৰ ৬৭গৰাকী কেডাৰক আদৰণি জনায়৷
ঘৰলৈ উভতি অহা ৬৭গৰাকী কেডাৰক পোনে পোনে ওদালগুৰি সনাই গাঁৱত স্থাপন কৰা ডেজিগনেটেড কেম্পলৈ নিয়া হয়৷ উক্ত স্থানত উপস্থিত থকা সংগঠনটোৰ শীর্ষ নেতাই জানিবলৈ দিয়া মতে, সমগ্র প্রক্রিয়াটো অসম চৰকাৰৰ গৃহ বিভাগ আৰু বিদ্রোহী সংগঠনটোৰ অনানুষ্ঠানিক যোগসূত্র স্থাপন কৰিছিল পৃথ্বি নাৰায়ণ মেছে৷ পৃথ্বি নাৰায়ণ মেছ বিটিআৰ চুক্তি স্বাক্ষৰকাৰী বিদ্রোহী সংগঠনসমূহৰো মূল মধ্যস্থতাকাৰী আছিল৷ এন এল এফ বিৰ ক্ষেত্রত চৰকাৰৰ গৃহ বিভাগৰ পৰা আনুষ্ঠানিকভাৱে মধ্যস্থতাকাৰী হিচাপে স্বীকৃতি নাপালেও কিন্তু কামখিনি তেওঁৰ জৰিয়তেই হৈছে৷
পৃথ্বি নাৰায়ণ মেছে বিদ্রোহী সংগঠনটোৰ সমস্যা, সমাজৰ সমস্যাসমূহ অসম চৰকাৰৰ গৃহ বিভাগক অৱগত কৰি আহিছিল৷ তেনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিদ্রোহী সংগঠনৰ প্রতি আহ্বান, জনজাতিসকলৰ সমস্যা সমাধানৰ প্রতি থকা সদিচ্ছা আদিৰ প্রতি সঁহাৰি জনাই এন এল এফ বিয়ে ঘৰলৈ উভতি আহি সমাজৰ উন্নয়নত অংশীদাৰ হ’বলৈ ইচ্ছা প্রকাশ কৰিছে৷ সংগঠনটোৰ উপ–মুখ্য সেনাধ্যক্ষ বি বকোই জানিবলৈ দিয়া মতে, আজি ঘৰলৈ উভতি অহা কেডাৰসকলে এ কে ছিৰিজৰ ৮টা, এছ এল আৰ ২টা, ৭.২ পিষ্টল ২টা, ৯ এম এম পিষ্টল ২টা, গ্রেনেড ৪টাৰ লগতে হাতেসজাবন্দুক মুকলিকৈ হাতত লৈ আহে৷