নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ ষষ্ঠ পহুমাৰা মহোৎসৱৰ সফল সামৰণি

পহুমাৰা শব্দটিৰ সংযুক্তকৰণত অনুষ্ঠিত গ্ৰন্থ মহোৎসৱে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব- ৰণজিৎ দাস

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ “কোনো এটা নামৰ সৈতে সেই অঞ্চলটোৰ বৈশিষ্ট্য, সংস্কৃতি আৰু অঞ্চলটোৰ ৰাইজৰ হৃদস্পন্দন জড়িত থাকে। ‘পহুমাৰা’ শব্দটিৰ সৈতেও ঐতিহ্য জড়িত হৈ আছে। ভৱানীপুৰ অঞ্চলটোৰ বিভিন্ন ঠাইৰ নামৰ সৈতে ইতিহাস জড়িত হৈ আছে। ‘পহুমাৰা’ শব্দটিৰ সংযুক্তকৰণত অনুষ্ঠিত গ্ৰন্থ মহোৎসৱে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলি মই আশাবাদী”৷ এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ বজালীৰ ভৱানীপুৰত আয়োজিত ষষ্ঠ পহুমাৰা মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আৰু কয় যে সমগ্ৰ পৃথিৱীতে এতিয়া বন্য জীৱ-জন্তু ভালপোৱা লোকৰ সংখ্যা বাঢ়িছে। তদুপৰি জীৱ-জন্তুমূহক সুৰক্ষা প্ৰদানৰ অৰ্থে ব্যক্তিগতভাবেই হওক নতুবা সামাজিক পৰ্যায়তে হওক, যথেষ্ট সংখ্যক লোক আগবাঢ়ি আহিছে। সেয়েহে পহুমাৰা মহোৎসৱকে ধৰি ভৱানীপুৰ আৰু পাটাছাৰকুছি দুয়োটা সমষ্টিতে ভূতেপোৱাবৰী, কুকুৰমাৰা, শিয়ালমাৰী আদি গাঁৱসমূহৰ নামসমূহে ৰাইজৰ মাজলৈ এক নেতিবাচক ধাৰণা লৈ যোৱাৰ সম্ভাৱনা আছে বুলি কৈ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত নামনিত ছোৱালী চাবলৈ অহা উজনিৰ দৰাই এনে নামসমূহক লৈ বিভ্ৰান্তিৰ সম্মুখীন হ’ব পাৰে বুলি মন্তব্য কৰে। উজনিৰ দিখৌ, ধনশিৰী,সোৱণশিৰী আদি নৈসমূহৰ নাম নামনিৰ তুলনাত যথেষ্ট সুৰীয়া বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এইক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো অঞ্চলৰ আনুষ্ঠানিক নাম সলনিৰ হকে কাম কৰি আহিছে বুলিও জানিবলৈ দিয়ে। ইচ্ছুক অঞ্চলৰ ৰাইজে এইক্ষেত্ৰত গাঁও বা অঞ্চলটোৰ নাম সলনিৰ বাবে চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাবে আবেদন কৰাৰো নিয়ম আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য, যোৱা ২৩ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত ষষ্ঠ পহুমাৰা মহোৎসৱৰ কালি সামৰণি পৰে। কালি নিশা ৭ বজাত অনুষ্ঠিত মহোৎসৱৰ সামৰণি অনুষ্ঠানটো মুকলি কৰে সাহিত্যিক মনীষা শৰ্মাই। অনুষ্ঠানটো মুকলি কৰি শৰ্মাই মহোৎসৱসমূহ আয়োজন কৰা তথা গ্ৰন্থমেলাৰ জৰিয়তে পঢ়ুৱৈসকল কিদৰে উপকৃত হ’ব পাৰে, ইয়াৰ ওপৰত এক সাৱলীল ভাষণ ৰাখে। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে তেওঁৰ ভাষণত ‘সাহিত্য-সংস্কৃতি কোনদিশে ধাৱমান হৈছে, সেইবোৰক উনুকীয়াই চাবলৈ আমাক এনেকুৱা অনুষ্ঠানসমূহৰ প্ৰয়োজন আছে’ বুলি কয়। অনুষ্ঠানত বি এইচ মহাবিদ্যালয়ৰ অধ্যাপক প্ৰভাত চন্দ্ৰ চৌধুৰী, গ্লেমন মিচ ইণ্ডিয়াৰ বিজয়ী গীতাঞ্জলি মজুমদাৰ, পহুমাৰা মহোৎসৱৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকায়ো ভাষণ ৰাখে। ভৱানীপুৰ শাখা সাহিত্য সভাৰ সম্পাদক হিতেন্দ্ৰ নাথ ডেকা, সমাজকৰ্মী নৱ ভৰালী, বিজন বায়ন, ষষ্ঠ পহুমাৰা মহোৎসৱৰ সভাপতি অমিতাভ চৌধুৰী, কাৰ্যকৰী সভাপতি দীপাংকৰ পাঠককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত আছিল। নিশা ৮ বজাত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাই। অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ, তপন ত্ৰিদীপ আৰু কৃষ্টি কাশ্যপে সংগীত পৰিৱেশন কৰে। সামৰণিৰ গোটেই অনুষ্ঠানটো আঁত ধৰে ষষ্ঠ পহুমাৰা মহোৎসৱৰ সম্পাদক দীপাঙ্কৰ দাস আৰু মুখপত্ৰৰ সম্পাদক সঞ্জীৱ সাগৰ দাসে। আন এক উল্লেখ্য যে বিগত পাঁচটা দিনত পহুমাৰা মহোৎসৱ বাকৰিত সৌন্দৰ্য প্ৰতিযোগিতা, ঐকতান, সৰুপেটাৰ উদ্যোগত কথা-কবিতা-গীতৰ অনুষ্ঠান ‘এবেলাৰ বুলনি’, অসমীয়া ঋতুকালীন ‘বৰষুণ’ আলোচনীৰ উদ্যোগত বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচন, শিপা : অসমৰ ৰহণীয়া সাংস্কৃতিক সমাৰোহ, ভৱানীপুৰৰ ৰংমিলি সংঘৰ এখন বাস্তৱধৰ্মী চুটি নাট ‘ৰণুৱা ঘোঁৰাৰ খোজ’ মঞ্চস্থ, গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান, ৰাজ্যখনৰ বহুকেইগৰাকী আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান সম্পন্ন হয়।

প্ৰেৰক কল্যাণ কলিতা

You might also like