নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকৰ অধিকাৰ ৰক্ষা কৰিব ন্যায় সংহিতাই : গৃহমন্ত্ৰী অমিত শ্বাহ

সাক্ষাৎগ্রহণ : হেমন্ত কুমাৰ মজুমদাৰ

ন্যায় সংহিতা ভাৰতীয় ন্যায়িক ব্যৱস্থাত এক যুগান্তকাৰী পদক্ষেপ৷ ইয়াৰ জৰিয়তে ইংৰাজৰ আমোলৰ তিনিখন আইন বাতিল কৰি দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত আমূল পৰিৱর্তন আনিব বিচৰা হৈছে৷ ইয়াৰ পটভূমিৰ ওপৰত আপুনি কিদৰে ব্যাখ্যা আগবঢ়াব? লগতে দেশৰ জনসাধাৰণক এই পদক্ষেপে কিদৰে ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত কৰিব?

অমিত শ্বাহ : ভাৰতীয় দণ্ডবিধি (আইপিচি)–১৮৬০, ফৌজদাৰী প্রক্রিয়া বিধি (চিআৰপিচি)–১৮৯৮ আৰু ভাৰতীয় সাক্ষ্য আইন– ১৮৭২ প্রায় ১৫০–১৬০ বছৰৰ পুৰণি৷ ইয়াত কিয় পৰিৱর্তন আনিবলগীয়া হ’ল, তাৰ কাৰণ মই নিশ্চয় আপোনাক ক’ম৷ পুৰণি এই তিনিওখন আইনৰ আত্মা বনোৱা হৈছিল ইংৰাজৰ শাসন বর্তাই ৰখাৰ উদ্দেশ্যে৷ জনসাধাৰণক ন্যায় দিবলৈ নহয়৷ আমি নতুনকৈ প্রস্তুত কৰা ভাৰতীয় ন্যায় সংহিতা–২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা–২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম–২০২৩ৰ উদ্দেশ্য দণ্ড নহয় জনসাধাৰণক ন্যায় দিয়াটোহে৷ সেয়েহে ইয়াৰ নামকৰণ দণ্ডবিধিৰ ঠাইত ন্যায় সংহিতা কৰা হৈছে৷ সংবিধানে দেশৰ নাগৰিকক যি অধিকাৰ দিছে, সেই অধিকাৰ ৰক্ষা কৰাৰ বাবেহে এই তিনিওখন আইন অনা হৈছে৷ এই তিনিওখন আইনে স্বাধীনতাৰ পিছত প্রথমবাৰৰ বাবে আমাক ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত কৰা ভাৰতীয় ন্যায় ব্যৱস্থাক প্রতিনিধিত্ব কৰে৷ দ্বিতীয়তে, নতুন আইনকেইখন কার্যকৰী হোৱাৰ পিছত প্রযুক্তিগত যুগৰ লগত খাপ খুৱাই ভাৰতীয় অপৰাধমূলক ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক ৰূপে পৰিগণিত হ’ব৷ অর্থাৎ বিগত ১৫০–১৬০ বছৰৰ ভিতৰত প্রযুক্তিৰ যথেষ্ট উন্নতিসাধন হৈছে৷ কিন্তু পূর্বৰ আইনত প্রযুক্তিৰ আইনগত সূত্র ক’তোৱেই নির্ধাৰণ হোৱা নাছিল৷ যিটো নতুন আইনত কৰা হৈছে৷ তৃতীয়তে, পুৰণি আইন ব্যৱস্থাত বছৰৰ পিছত বছৰ ধৰি ভুক্তভোগীয়ে অপেক্ষা কৰিবলগীয়া হৈছিল ন্যায় পাবলৈ৷ ২৫–৩০ বছৰ ধৰি আদালতত অপৰাধমূলক গোচৰৰ বিচাৰ প্রক্রিয়া চলি থাকে৷ নিষ্পত্তি নহয়৷ এতিয়া মই সম্পূর্ণ বিশ্বাসেৰে ক’ব পাৰো যে নতুন তিনিওখন আইন কার্যকৰী হোৱাৰ লগে লগে দেশৰ যিকোনো প্রান্তত যদি কোনো এফ আই আৰ দাখিল কৰা হয়, তেন্তে সেই এফ আই আৰ পঞ্জীয়নৰ তিনি বছৰৰ ভিতৰত ভুক্তভোগীয়ে ন্যায় পোৱাটো নিশ্চিত হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কল্পনা কৰাৰ দৰে স্বাধীনতাৰ অমৃত বর্ষত ঔপনিৱেশিক আইনৰ পৰিৱর্তন হ’ব আৰু গোলামিৰ মানসিকতাতো পৰিৱর্তন আহিব৷ এনেদৰে এই তিনিওখন আইনে দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত এক অভূতপূর্ব পৰিৱর্তন আনিব বুলি ক’ব পাৰি৷ অর্থাৎ নতুনকৈ প্রৱর্তন কৰিব বিচৰা আইনকেইখন হ’ব ভুক্তভোগীকেন্দ্রিক আৰু ই সময় নির্ধাৰিতভাৱে জনসাধাৰণক ন্যায় প্রদান কৰিব৷ নতুন তিনিওখন আইনে ভাৰতীয়ত্বৰ মনোভাবক মূর্ত কৰি তুলিছে৷ কিয়নো ইয়াৰ আত্মা হৈছে ন্যায়৷ এই আইনকেইখনৰ উদ্দেশ্য কোনো লোককে শাস্তি দিয়া নহয়, সকলোৰে বাবে ন্যায় নিশ্চিত কৰাটোহে৷ ইংৰাজৰ আমোলত ভাৰতীয় নাগৰিকৰ বাবে আইন প্রণয়ন কৰা নাছিল৷ ইয়াৰ বিপৰীতে ভাৰতত ব্রিটিছৰ শাসন যাতে নিৰাপদ হৈ থাকে, তাৰ বাবেহে এইধৰণৰ আইন বলৱৎ কৰা হৈছিল৷ ব্রিটিছৰ লক্ষ্য আছিল– ৰাজকোষ, ৰে’লপথ আদি সুৰক্ষিত কৰি ৰখা৷ ইংৰাজৰ শাসনৰ বিৰুদ্ধে ভাৰতত উদ্ভৱ হোৱা বিদ্রোহ দমন কৰাৰ বাবেহে তেওঁলোকে পুৰণি আইনসমূহ ১৮৫৭ চনৰ পিছত প্রণয়ন কৰিছিল৷ ইয়াৰ পৰা স্পষ্টভাৱে ক’ব পাৰি যে ইংৰাজৰ উদ্দেশ্য আছিল– ভাৰতত নিজৰ দপ্দপনি অব্যাহত ৰখা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লালকিল্লাৰ পৰা দেশৰ জনসাধাৰণক উদ্দেশ্যি কৈছিল যে দাসত্বৰ সকলো প্রতীকৰ পৰা দেশক মুক্ত কৰিব লাগে৷ মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে আমি প্রৱর্তন কৰিবলৈ বিচৰা নতুন অপৰাধমূলক ন্যায় ব্যৱস্থাই আমাক সেই মানসিকতাৰ পৰা মুক্ত কৰিব৷ নতুন ন্যায় ব্যৱস্থা অর্থাৎ ন্যায় সংহিতা নাগৰিককেন্দ্রিক আৰু ন্যায়মুখী৷

আপুনি কৈছে যে নতুন আইনকেইখনৰ উদ্দেশ্য শাস্তি দিয়া নহয়, ই ন্যায়কেন্দ্রিক৷ ইয়াৰ বিধেয়ক প্রস্তুত তথা কেন্দ্রীয় গৃহমন্ত্রী হিচাপে সংসদৰ মজিয়াত উত্থাপন কৰাৰ পূর্বে নিশ্চয় আপুনি অন্য ৰাষ্ট্রৰো অপৰাধ ন্যায় ব্যৱস্থাৰ ওপৰত বিতংভাৱে অধ্যয়ন কৰিছে৷ সেই দিশৰ পৰা আপুনি ভাবেনে এই তিনিওখন আইন যথোপযুক্ত বা শ্রেষ্ঠ?

অমিত শ্বাহ : এই দিশটো তুলনা কৰা অতি কঠিন৷ ন্যায়ৰ ক্ষেত্রত তিনিটা ধাৰা প্রসিদ্ধ৷ প্রথমতে ব্রিটিছ আইন ব্যৱস্থা৷ দ্বিতীয়তে, লেটিন ন্যায়িক পৰম্পৰা৷ তৃতীয়তে হ’ল ভাৰতীয় ন্যায় পৰম্পৰা৷ নতুন তিনিওখন আইন ভাৰতীয় ন্যায় পৰম্পৰাৰ আধাৰতে প্রস্তুত কৰা হৈছে৷ কিন্তু প্রযুক্তিগত দিশ আৰু ফৰেনছিক বিজ্ঞানৰ আধাৰত ই আটাইতকৈ আধুনিক আইন হ’ব৷ ভুক্তভোগী আৰু অভিযুক্ত উভয়ৰে ক্ষেত্রত নতুন আইন তিনিখনত যুক্তিসংগত বহুতো বিধান আছে৷ যিয়ে ন্যায়ৰ পৰিসৰ যথেষ্ট বহল কৰিব৷ প্রথমবাৰৰ বাবে অপৰাধীক মুঠ ৬টা অপৰাধত কাৰাৱাসৰ পৰা মুক্ত হোৱাৰ সুযোগ দিয়া হৈছে৷ কোনো বাধ্যবাধকতাতেই হওক বা ভুলবশতই হওক, লঘু দোষ কৰাসকলে সমাজসেৱা আগবঢ়াই নিজকে শুধৰোৱাৰ সুযোগ লাভ কৰিব৷ তদুপৰি প্রচলিত আইন ব্যৱস্থাত আৰক্ষীয়ে পৰিয়ালক অৱগত নকৰাকৈয়ে অভিযুক্তক আটক বা গ্রেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখে৷ কিন্তু নতুন আইন অনুসৰি সকলো আৰক্ষী থানাই কোন অভিযুক্তক আটক বা গ্রেপ্তাৰ কৰা হৈছে, কিমান লোক জিম্মাত আছে, সেই তথ্য পঞ্জীয়ন বহীত লিপিবদ্ধ কৰি ৰাখিব লাগিব৷ লগতে অনলাইনযোগেও এনে তথ্য উপলব্ধ হ’ব জনসাধাৰণৰ বাবে৷ লগতে গ্রেপ্তাৰ কৰা লোকক ২৪ ঘণ্টাৰ ভিতৰত নিশ্চিতভাৱে আদালতত হাজিৰ কৰোৱাটো বাধ্যতামূলক হ’ব আৰু ৰিমাণ্ডত ল’ব লাগিব৷ পুৰণি আইন অনুসৰি আৰক্ষীয়ে ভিডি’গ্রাফী অবিহনে তালাচী চলোৱাৰ লগতে সামগ্রী জব্দ কৰিব পাৰে৷ পিছে এতিয়া ভিডি’গ্রাফী কৰি সকলোধৰণৰ তালাচী আৰু সামগ্রী জব্দ কৰাটো বাধ্যতামূলক কৰা হৈছে৷ অকল এয়াই নহয়, ৯০ দিনৰ ভিতৰত আৰক্ষীয়ে ভুক্তভোগীক গোচৰৰ অনুসন্ধানৰ অগ্রগতিৰ বিষয়ে জনোৱাটো বাধ্যতামূলক৷ এছ এম এছ বা অন্যান্য ইলেক্ট্রনিক যোগাযোগৰ মাধ্যমেৰে পষেকীয়াকৈ বিচাৰৰ অগ্রগতিৰ বিষয়েও তথ্য প্রদান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ পূর্বতে কোনো গোচৰ প্রত্যাহাৰ কৰাৰ ক্ষেত্রত ভুক্তভোগীৰ সন্মতিৰ প্রয়োজন নাছিল, এতিয়া সেইটোও আমি বাধ্যতামূলক কৰিছোঁ৷ একেদৰে আদালতত অডি’–ভিডি’ ৰেকর্ডিং দাখিল কৰিব পাৰিব৷ পুৰণি আইন মতে সাক্ষী–ভিযুক্ত–ভুক্ত ব্যক্তিগতভাৱে আদালতত হাজিৰ হ’বলগীয়া হৈছে৷ এতিয়া ভার্চুৱেলী তেওঁলোকে উপস্থিতি দিব পাৰিব৷ নতুন আইন তিনিখনৰ এটা উল্লেখযোগ্য দিশ হ’ল– যৌন নির্যাতনৰ গোচৰৰ ক্ষেত্রত ৭ দিনৰ ভিতৰত চিকিৎসা প্রতিবেদন দাখিল আৰু প্রথম শুনানিৰ ৬০ দিনৰ ভিতৰত ধাৰা আৰোপ কৰাটো বাধ্যতামূলক হ’ব৷ সেইদৰে অপৰাধমূলক গোচৰৰ শুনানি সম্পাত হোৱাৰ ৪৫ দিনৰ ভিতৰত নিশ্চিতভাৱে ৰায় প্রদান কৰিব লাগিব৷

আপুনি নিজেই উল্লেখ কৰিছে যে পুৰণি ন্যায় ব্যৱস্থাত বছৰৰ পিছত বছৰ ধৰি গোচৰ নিষ্পত্তি নোহোৱাকৈ থাকে৷ যিটো এক বহুচর্চিত বিষয়৷ এতিয়া কোৱা হৈছে– সময় নির্ধাৰিতভাৱে ভুক্তভোগীক ন্যায় প্রদান কৰা হ’ব৷ নতুন তিনিওখন আইনৰ জৰিয়তে এয়া বাস্তৱায়িত হোৱাটো কিদৰে সম্ভৱ হ’ব?

অমিত শ্বাহ : চাওক ৩৫টা পৃথক ধাৰাৰ অধীনত আমি সময়সীমা নির্ধাৰণ কৰি দিছোঁ৷ যিকোনো অপৰাধৰ ক্ষেত্রত ১৮০ দিনৰ ভিতৰত চার্জশ্বীট দাখিল কৰিব লাগিব৷ প্রথমতে ৯০ দিন আৰু পিছত আদালতৰ অনুমতি সাপেক্ষে আন ৯০ দিন৷ চার্জশ্বীট দাখিলৰ পিছত ৬০ দিনৰ ভিতৰত ধাৰা আৰোপ কৰিব লাগিব৷ শুনানি সম্পূর্ণ হোৱাৰ পিছত ৪৫ দিনৰ ভিতৰত গোচৰৰ ৰায়দান হ’ব লাগিব৷ দোষমুক্তিৰ আৱেদনৰ ক্ষেত্রত সময়সীমা হ’ব চার্জশ্বীট দাখিলৰ ৬০ দিনৰ ভিতৰত৷ ইয়াৰ পিছত এনে আৱেদন দাখিলৰ কোনো অধিকাৰ নাথাকিব৷ এইদৰে ৩৫ বেলেগ বেলেগ ধাৰাৰ জৰিয়তে অধিবক্তা, আদালত আৰু আৰক্ষীক সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে৷ তদুপৰি সাক্ষ্য প্রদানৰ ক্ষেত্রতো প্রযুক্তিৰ ব্যৱহাৰৰ ব্যৱস্থা ৰখা হৈছে নতুন আইনত৷ নতুন আইনত সাক্ষীৰ বাবে অনলাইন ব্যৱস্থা থাকিব৷ তথ্য–প্রমাণৰ বাবে পুৰণি আইন মতে বৃহৎসংখ্যক নথি–পত্র প্রেৰণ কৰিবলগীয়া হয়৷ এতিয়া পেন ড্রাইভৰ মাধ্যমেৰেই সেয়া দাখিল কৰিব পাৰিব৷ লগতে সংশ্লিষ্ট আৰক্ষী বিষয়াসকলে ফাইল চাই সাক্ষী দিব পাৰিব৷ পূর্বতে কার্যনির্বাহ কৰা বিষয়াৰ প্রয়োজন নাথাকিব৷ ইয়াৰ জৰিয়তে ন্যায় প্রাপ্তিৰ ক্ষেত্রত সময় যথেষ্ট লাঘৱ হ’ব বুলি মোৰ বিশ্বাস৷ ই–ৰেকর্ডৰ পৰা আৰম্ভ কৰি শূন্য এফ আই আৰ, ই–এফ আই আৰ আৰু চার্জশ্বীটলৈকে কেইবাটাও পদ্ধতি নতুন আইনৰ জৰিয়তে ডিজিটেলাইজ কৰা হৈছে৷ উদাহৰণ স্বৰূপে কাগজত লিপিবদ্ধ কৰাৰ পৰিৱর্তে চার্জশ্বীট এতিয়া পেন ড্রাইভতে থাকিব৷ ভার্ছুৱেলী আদালতত প্রমাণ দাখিল কৰিব পাৰিব৷ বলাৎকাৰৰ বলি হোৱা ভুক্তভোগীয়ে পৰিয়ালৰ সদস্যৰ উপস্থিতিত দাখিল কৰিব পাৰিব ৰেকর্ডিং কৰা ই–ষ্টেটমেণ্ট৷ সেইদৰে ৭ বছৰ বা ততোধিক সময়ৰ শাস্তিৰে দোষী সাব্যস্ত হোৱাৰ হাৰ ৯০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে তদন্তত ফৰেনছিক বিজ্ঞান পদ্ধতি আমি বাধ্যতামূলক কৰিছোঁ৷ পূর্বতে অভিযুক্তক চমন দিবলৈ মাহৰ পিছত মাহ সময়ৰ প্রয়োজন হৈছিল৷ এতিয়া হোৱাট্ছএপতে চমন জাৰি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ সংশ্লিষ্ট ব্যক্তিজনে মেছজটো চোৱাৰ মুহূর্ততে স্বয়ংক্রিয়ভাৱে সেয়া প্রেৰণ কৰা বুলি ধৰা হ’ব৷ ই–হাজিৰ হোৱাৰ ব্যৱস্থাও থাকিব৷ ফলত অভিযুক্তক কাৰাগাৰৰ পৰা আদালতলৈ নিয়াৰ আৰু কোনো প্রয়োজন নহ’ব৷ এনেদৰে আৰক্ষীৰ তদন্তৰ পৰা আৰম্ভ কৰি আদালতৰ কার্যবিধিলৈকে সকলো দিশ কম্পিউটাৰাইজ কৰা হৈছে নতুন আইনত৷ আমাৰ লক্ষ্য– ভাৰতত বিশ্বৰ আটাইতকৈ আধুনিক ন্যায় ব্যৱস্থা গঢ়ি তোলা৷ ন্যায় প্রক্রিয়াৰ পৰা দুর্নীতি নির্মূল কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৃষ্টিভংগীৰ প্রতি সংগতি ৰাখি আমি কেইবাটাও সিদ্ধান্ত নতুন আইন ব্যৱস্থাত সন্নিৱিষ্ট কৰিছোঁ৷

এনেধৰণৰ ন্যায় ব্যৱস্থা প্রৱর্তন তথা আইন আনিবলৈ ইমান দীর্ঘ সময়ৰ প্রয়োজন হোৱাৰ কাৰণ আপুনি কি বুলি ভাবে?

অমিত শ্বাহ : ২০১৯ চনৰ মে’ত নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রত নতুন চৰকাৰ গঠন হৈছিল৷ সেই বছৰৰে আগষ্ট মাহৰ পৰা নতুন আইনকেইখন প্রস্তুতৰ কাম আমি আৰম্ভ কৰিছিলোঁ৷ দেশৰ সকলো সাংসদলৈ মই পত্র লিখিছিলোঁ৷ উচ্চতম ন্যায়ালয়–উচ্চ ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, দেশৰ প্রতিখন আইন মহাবিদ্যালয় আৰু সকলো বাৰ এছ’চিয়েচনলৈ চিঠি প্রেৰণ কৰোঁ৷ আইপিএছ বিষয়া আৰু কালেক্টৰলৈও পত্র প্রেৰণ কৰা হয়৷ মই অকলেই প্রায় ১৫৮ বৈঠক এই সন্দর্ভত কৰিছোঁ৷ ইয়াৰ অন্তত নতুন আইন তিনিখনৰ খচৰা প্রস্তুত কৰি কেবিনেট আৰু সংসদত উত্থাপন কৰা হৈছিল৷ তাৰ পিছত সেয়া প্রেৰণ কৰা হয় সংসদৰ ষ্টেণ্ডিং কমিটীলৈ৷ আমি প্রায় সহস্রাধিক পৰামর্শ লাভ কৰিছিলোঁ৷ তাৰ ভিতৰত বুজনসংখ্যক পৰামর্শ মানি লোৱা হৈছে৷ ইয়াৰ পিছতহে চূড়ান্ত ৰূপত ইয়াক সংসদত উত্থাপন কৰা হয়৷ ব্যাপক আলোচনা–চর্চাৰ মাজেদি এই আইন প্রস্তুতৰ কাম সম্পন্ন কৰা হৈছে৷

কিন্তু বিৰোধীয়ে সততে এটা অভিযোগ উত্থাপন কৰে– বিস্তৃত আলোচনা অবিহনেই তিনিওখন আইন সংসদত গ্রহণ কৰা হৈছে৷

অমিত শ্বাহ : এয়া ভিত্তিহীন আৰু ৰাজনৈতিক অভিযোগ৷ তেওঁলোক দীর্ঘ সময় ধৰি দেশৰ শাসনত আছিল৷ এই তিনিওখন আইনতকৈ যদি আন কোনো আইনৰ ওপৰত বেছি আলোচনা হৈছে, তেন্তে তেওঁলোকে নাম কওক৷ দেশৰ স্বাধীনতাৰ পিছত যদি কোনো আইনৰ ওপৰত দীর্ঘ আলোচনা আৰু চর্চা হৈছে, সেয়া হ’ল এই তিনিওখন আইন৷ চাৰি বছৰ ধৰি আমি ইয়াৰ ওপৰত আলোচনা কৰিছোঁ৷ মই পূর্বতে উল্লেখ কৰিছোঁ যে সংসদত গৃহীত হোৱাৰ পূর্বে ইয়াক ষ্টেণ্ডিং কমিটীলৈ প্রেৰণ কৰা হৈছিল৷ য’ত সদস্য হিচাপে আছে বিৰোধী দলৰ সাংসদো৷ ষ্টেণ্ডিং কমিটীয়ে তিনি মাহ ধৰি ইয়াৰ ওপৰত পর্যালোচনা কৰে৷ তাৰ পিছতহে ই আইনৰ ৰূপ লাভ কৰিছে৷ প্রকৃততে চর্চা–আলোচনা কৰাটো বিৰোধীৰ প্রাথমিকতাই নহয়৷ ইমান মহত্ত্বপূর্ণ বিষয়ৰ ওপৰত তেওঁলোকে চর্চা–আলোচনা কৰিব লাগিছিল৷ পিছে তেওঁলোকে এই চর্চা–আলোচনাত অংশগ্রহণ নকৰিলে৷ এইক্ষেত্রত আমি কি কৰিব পাৰোঁ?

যিকোনো গোচৰৰ আৰম্ভণিৰ পৰা শেষলৈকে আৰক্ষীৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ এইক্ষেত্রত আৰক্ষীক অধিক দায়বদ্ধ কৰাৰ ক্ষেত্রত নতুন আইনত কেনেধৰণৰ পৰিৱর্তন অনা হৈছে বা ব্যৱস্থা ৰখা হৈছে?

অমিত শ্বাহ : আমি বিভিন্ন ধৰণৰ পৰিৱর্তন নতুন আইনৰ জৰিয়তে আনিছোঁ৷ প্রায় ২০টা ধাৰাৰ জৰিয়তে আৰক্ষীক দায়বদ্ধ কৰা হৈছে৷ উদাহৰণস্বৰূপে আৰক্ষীয়ে যদি কোনো ব্যক্তিৰ ঘৰলৈ তালাচী চলাবলৈ যায় বা তালাচী চলায়, তেন্তে তাৰ ভিডি’গ্রাফী কৰিব লাগিব৷ সোধা–পোছাৰ বাবে কোনো ব্যক্তিক থানালৈ মাতিলে পঞ্জীয়ন বহীত লিপিবদ্ধ কৰিব লাগিব আৰু এই বিষয়ে সংশ্লিষ্ট ব্যক্তিজনৰ পৰিয়ালক জনাব লাগিব৷ তিনি বছৰতকৈ কম আৰু ৬০ বছৰৰ ঊর্ধ্বৰ ব্যক্তিক সোধা–পোছাৰ ক্ষেত্রত অনুমতি ল’ব লাগিব৷ গ্রেপ্তাৰ কৰা ব্যক্তিক ২৪ ঘণ্টাৰ ভিতৰত হাজিৰ কৰোৱাটো বাধ্যতামূলক৷ তদুপৰি প্রথমবাৰৰ বাবে আমি ভুৱা গোচৰ পঞ্জীয়ন পৰীক্ষা কৰিবলৈ প্রাৰম্ভিক তদন্তৰ ব্যৱস্থা কৰিছোঁ৷ গোচৰ ৰুজু কৰাৰ পূর্বে এই কাম কৰিব লাগিব৷ আন এটা গুৰুত্বপূর্ণ দিশ হ’ল কোনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হ’লে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি ল’বলৈ বছৰৰ পিছত বছৰ ধৰি সময় লাগিছিল৷ এতিয়া যদি ১৮০ দিনৰ ভিতৰত এনেধৰণৰ অনুমতি পোৱা নাযায়, তেন্তে ইয়াক গণ্য কৰা হ’ব ‘ডিম্ড পার্মিচন’ হিচাপে৷ মুঠতে আৰক্ষীৰ দায়বদ্ধতা বা জবাবদিহিতা নিশ্চিত কৰাৰ লগতে স্বেচ্ছাচাৰী আৰক্ষীৰ কর্তৃত্ব হ্রাস কৰাৰ ক্ষেত্রত নতুন আইনত ২০টা ব্যৱস্থা ৰখা হৈছে৷

দেশত দিনক দিনে চাইবাৰ অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে৷ কিন্তু চাইবাৰ অপৰাধৰ ক্ষেত্রত আৰক্ষী বা অনুসন্ধানকাৰী সংস্থাৰ প্রদর্শন উন্নত নোহোৱাৰ অভিযোগ দীর্ঘদিনীয়া৷ নতুন আইন কার্যকৰী হোৱাৰ লগে লগে এই দিশটো উন্নীত হ’ব বুলি আপুনি ভাবেনে?

অমিত শ্বাহ : এশ শতাংশই৷ কাৰণ চাইবাৰ অপৰাধৰ ক্ষেত্রত আমি নতুন ব্যাখ্যা আগবঢ়াইছোঁ৷ ফৰেনছিক বিজ্ঞানৰ ব্যৱহাৰেও এইক্ষেত্রত যথেষ্ট পার্থক্য আনিব৷ চাইবাৰ অপৰাধ ৰোধৰ বাবেও আমি ‘নাফিছ’ৰ পৰা এক অনলাইন ব্যৱস্থা ইতিমধ্যে সক্রিয় কৰিছোঁ৷ উদাহৰণস্বৰূপে যদি কোনোবাই আপোনাৰ ক্রেডিট কার্ডৰ পৰা ধন সৰকাই নিয়ে, তেন্তে ইয়াৰ টোল ফ্রী নম্বৰত পঞ্জীয়ন কৰাৰ লগে লগে ধনৰাশিৰ লেনদেন তাৎক্ষণিকভাৱে বন্ধ হ’ব৷ পূর্বতে এইক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষক অভিযোগ দাখিল কৰিব লাগিছিল৷ এতিয়া আৰু তেনে ব্যৱস্থা নাথাকিব৷

 ঘোষিত অপৰাধীৰ ক্ষেত্রত নতুন ব্যৱস্থা সংলগ্ন কৰা হৈছে নেকি?

অমিত শ্বাহ : যিকোনো ব্যক্তিক ঘোষিত অপৰাধী হিচাপে গণ্য কৰিবলৈ আমি শাস্তিৰ দিশটো চাব লাগিব৷ অভিযুক্তৰ শাস্তি ১০ বছৰ বা তাতকৈ অধিক, যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ড৷ ইয়াৰ উপৰি দেশৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, পলাতক অপৰাধীৰ সম্পত্তি সংলগ্ণ কৰা হ’ব৷ আমি পলাতক অপৰাধীৰ অনুপস্থিতিতো বিচাৰ আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছোঁ৷ এতিয়া আদালতে প্রতিৰক্ষা অধিবক্তাৰ ব্যৱস্থা কৰি বিচাৰ আৰম্ভ কৰিব৷ যদি গোচৰটো শাস্তিৰ যোগ্য হয়, তেন্তে পলাতক অপৰাধী ঘোষণা কৰা হ’ব৷ তিনি বছৰৰ ভিতৰত অভিযুক্তই যদি আপিল কৰিব বিচাৰে, তেন্তে কৰিব পাৰিব৷ অন্যথা শাস্তি ঘোষণা কৰা হ’ব৷ শাস্তি ঘোষণা হোৱাৰ লগে লগে আন্তর্জাতিক চুক্তি অনুসৰি অভিযুক্তক দেশলৈ ঘূৰাই অনাটো বাধ্যতামূলক হ’ব৷ এনেধৰণৰ অপৰাধ কৰা লোক–সন্ত্রাসবাদীসক্ গোচৰ পূর্বৰ দৰে ২০–২৫ বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ নাথাকে৷ অর্থনৈতিকেই হওক বা সন্ত্রাসবাদ সম্পর্কীয় অপৰাধেই হওক তাত লিপ্ত হৈ দেশৰ পৰা পলায়ন কৰা সকলো অপৰাধীৰে সম্পত্তি বাজেয়াপ্ত কৰা হ’ব৷ আনকি দেশৰ বাহিৰত থকা সম্পত্তিও৷ ভাৰতীয় ন্যায় ব্যৱস্থাত প্রথমবাৰৰ বাবে এনেধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷

বহু সময়ত দেখা যায় যে অসম আৰক্ষীৰ একো একোজন বিষয়াক ৫০০–৬০০ গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হয়৷ যাৰ বাবে গোচৰ নিষ্পত্তিত বিলম্ব ঘটে৷ এই দিশটো আপুনি কিদৰে আলোকপাত কৰিব?

অমিত শ্বাহ : ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই চার্জশ্বীট দাখিল, বিচাৰ প্রক্রিয়া আদিৰ সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে৷ এই সময়সীমা কার্যকৰী হোৱাৰ লগে লগে গোচৰসমূহ নিজে নিজেই নিষ্পত্তি হৈ যাব৷

নতুন আইনত সংস্কাৰমূলক ন্যায়ক কিদৰে প্রাধান্য দিয়া হৈছে?

অমিত শ্বাহ : লঘু বা প্রথমবাৰৰ বাবে অপৰাধ কৰাসকলক সামূহিক সেৱাৰ জৰিয়তে আমি সংস্কাৰৰ সুযোগ দিব বিচাৰিছোঁ৷ তদুপৰি প্রথমবাৰৰ বাবে অপৰাধ কৰাসকলে শাস্তিৰ এক তৃতীয়াংশ ম্যাদ সম্পূর্ণ কৰিলে তেওঁলোক জামিনৰ বাবে যোগ্য হ’ব৷ যদি কোনোবাই দ্বিতীয়বাৰৰ বাবে অপৰাধ কৰে আৰু অভিযুক্তই মুঠ শাস্তিৰ আধা ম্যাদ সম্পূর্ণ কৰে, তেন্তে তেওঁ জামিনৰ বাবে যোগ্য হ’ব৷ সমগ্র বিচাৰ প্রক্রিয়াত আৰক্ষী, অভিযুক্ত আৰু ন্যায়াধীশসকলক ৩৫ ধাৰাৰ এটা সময়সীমাৰ মাজত ৰখা হৈছে৷ ৯০ দিনৰ ভিতৰত তদন্ত সম্পূর্ণ হ’ব লাগিব৷ অপৰাধমূলক গোচৰৰ ক্ষেত্রত শুনানি সমাপ্ত হোৱাৰ পিছত সর্বাধিক ৪৫ দিনৰ ভিতৰত ৰায়দান কৰিব লাগিব৷

এই নতুন আইন কেতিয়াৰ পৰা দেশত কার্যকৰী হ’ব?

অমিত শ্বাহ : ইয়াৰ দিন–তাৰিখ বর্তমানলৈকে ঠিৰাং কৰা হোৱা নাই৷ কিন্তু জানুৱাৰী মাহ শেষ হোৱাৰ পূর্বে আমি ইয়াৰ অধিসূচনা জাৰি কৰাৰ লক্ষ্য লৈছোঁ৷ ২০১৯ৰ পৰা ২০২৪লৈ বিশদভাৱে চর্চা–আলোচনাৰ অন্তত আমি ভাৰতীয় ন্যায় ব্যৱস্থাত এই পৰিৱর্তন আনিছোঁ৷ ইয়াৰ উদ্দেশ্য ভুক্তভোগীকেন্দ্রিক আৰু ন্যায়কেন্দ্রিক আইন প্রৱর্তন কৰা৷ ভুক্তভোগীক শীঘ্রে ন্যায় দিয়া৷ এই আইন কার্যকৰী হোৱাৰ পিছত আমাৰ দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থাটো বিশ্বৰ আটাইতকৈ আধুনিক–বৈজ্ঞানিক অপৰাধমূলক ন্যায় ব্যৱস্থা হ’ব৷ এইক্ষেত্রত মোৰ দৃঢ় বিশ্বাস৷

পুৰণি গোচৰসমূহ নতুন আইনৰ আওতাত আহিবনে?

অমিত শ্বাহ : পুৰণি গোচৰবোৰ পুৰণি আইনৰ অধীনতে থাকিব৷ কিন্তু ন্যায়িক প্রক্রিয়া নতুন আইনী ব্যৱস্থাৰ মাজেৰে চলিব৷

বহু সময়ত ভুক্তভোগীয়ে ন্যায় প্রাপ্তিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ দীর্ঘদিনীয়া৷ নতুন আইনত বিচাৰ সঞ্চালকালয় (ডাইৰেক্টৰেট অৱ প্রচিকিউচন) গঠনৰ কথা কোৱা হৈছিল৷ এই বিষয়টো আপুনি কিদৰে আলোকপাত কৰিব?

অমিত শ্বাহ : এইটো এটা অতি গুৰুত্বপূর্ণ দিশ৷ প্রায়ে দেখা যায় যে প্রভাৱহীন বা দৰিদ্র ভুক্তভোগীক সময়মতে ন্যায় প্রাপ্তিৰ পৰা বঞ্চিত কৰা হয়৷ তেওঁলোকে অন্তহীনভাৱে অপেক্ষা কৰিব লাগে৷ ইয়াৰ মূলতে ব্যক্তিগত আৰু ব্যৱস্থাগত কাৰণ৷ আমি ন্যায় ব্যৱস্থাৰ পৰা দুর্নীতি নির্মূল কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি তিনিটা স্তৰত এটা স্বতন্ত্র সংস্থা গঠনৰ সিদ্ধান্ত লৈছোঁ৷ যাৰ নাম হ’ব বিচাৰ সঞ্চালকালয় বা ডাইৰেক্টৰেট অৱ প্রচিকিউচন৷ যিয়ে কোনো গোচৰত ভুক্তভোগীয়ে আপীল কৰিব নে নকৰে, সেয়া নির্ণয় কৰিব৷ পূর্বতে ইয়াৰ সিদ্ধান্ত লৈছিল অন্যায় কৰা লোকসকলে৷ এতিয়াৰে পৰা প্রতিখন ৰাজ্যতে বিচাৰ সঞ্চালকালয় গঠন কৰাটো বাধ্যতামূলক হ’ব৷ এই ব্যৱস্থা পূর্বতে নাছিল৷ ইয়াত এজন বিচাৰ সঞ্চালক থাকিব৷ লগতে প্রয়োজনীয় সংখ্যক উপ–বিচাৰ সঞ্চালক আৰু সহকাৰী বিচাৰ সঞ্চালকক লৈ জিলা পর্যায়ত বিচাৰ সঞ্চালকালয় হ’ব৷ ১০ বছৰৰ ওপৰৰ শাস্তিৰ সৈতে জড়িত গোচৰত আপীল কৰা হ’ব নে নহয়, তাৰ সিদ্ধান্ত বিচাৰ সঞ্চালকে, ৭–১০ বছৰৰ ভিতৰৰ শাস্তি সন্দর্ভত উপ–বিচাৰ সঞ্চালকে আৰু সহকাৰী বিচাৰ সঞ্চালকে ৭ বছৰৰ কম সময়ৰ শাস্তি সম্পর্কীয় গোচৰৰ আপীলৰ সিদ্ধান্ত গ্রহণ কৰিব৷ সমগ্র প্রক্রিয়াটোত দুর্নীতিৰ যি অভিযোগ আছিল, এই ব্যৱস্থাই নাইকিয়া কৰিব৷ আমাৰ উদ্দেশ্য হৈছে– দুর্নীতি নির্মূল, আইনী প্রক্রিয়াৰ কার্যক্ষমতা বৃদ্ধি আৰু জিলা–ৰাজ্যিক উভয় পর্যায়ত ফলপ্রসূ বিচাৰ প্রক্রিয়া নিশ্চত কৰা৷ ন্যায়াধীশৰ সৈতে জড়িত বিধানৰ লগতে সমগ্র দেশতে এক ন্যায় ব্যৱস্থা গঢ়ি তোলাৰ বাবেও আমি পদক্ষেপ গ্রহণ কৰিছোঁ৷ নতুন আইন তিনিখন কার্যকৰী হোৱাৰ লগে লগে কেৱল চাৰি প্রকাৰৰ ন্যায়াধীশ থাকিব– প্রথম শ্রেণীৰ ন্যায়িক দণ্ডাধীশ, দ্বিতীয় শ্রেণীৰ ন্যায়িক দণ্ডাধীশ, সত্র ন্যায়াধীশ আৰু কার্যবাহী দণ্ডাধীশ৷ বিচাৰ সঞ্চালকসকল প্রথম শ্রেণীৰ ন্যায়াধীশ বা কমেও ২০ বছৰ কাল ওকালতি কৰা অধিবক্তা হ’ব লাগিব৷ তেওঁলোকৰ নিযুক্তিত আমি উচ্চ ন্যায়ালয়ৰ ভূমিকাও ৰাখিছোঁ৷ সম্পূর্ণ স্বচ্ছতাৰে এই প্রক্রিয়াটো সম্পন্ন কৰা হ’ব৷

নাৰীজনিত অপৰাধ আৰু শিশুৰ বিৰুদ্ধে অপৰাধ সাম্প্রতিক সময়ত এক বহুচর্চিত বিষয়৷ নতুন আইনত এইক্ষেত্রত কেনে ধৰণৰ দিশ সামৰি লোৱা হৈছে?

অমিত শ্বাহ : নতুন আইনত বহু গুৰুত্বপূর্ণ দিশ আছে৷ নাৰীজনিত আৰু শিশুৰ বিৰুদ্ধে অপৰাধকেই ইয়াত আটাইতকৈ প্রাধান্য দিয়া হৈছে৷ পাতনিক বাদ দি নতুন আইনৰ প্রথম অধ্যায়টোৱেই হৈছে নাৰীজনিত আৰু শিশুৰ বিৰুদ্ধে অপৰাধ৷ আপুনি যদি পুৰণি আইন চায়, তেন্তে দেখিব যে প্রথমতে ৰে’লৱেত লুণ্ঠন, তাৰ পিছত ৰাজদ্রোহ, চৰকাৰী পুঁজি হৰলুকী আৰু চৰকাৰী বিষয়াৰ ওপৰত হোৱা আক্রমণক গুৰুত্ব দিয়া হৈছিল৷ পুৰণি আইনৰ অভিকেন্দ্র নাগৰিক নাছিল৷ মই পূর্বতেই কৈছোঁ– ইংৰাজে নিজৰ শাসনৰ সুৰক্ষাৰ বাবে সেই আইন প্রস্তুত কৰিছিল৷ মানৱ সৰবৰাহতকৈ ডাঙৰ অপৰাধ কি হ’ব পাৰে? কিন্তু ইয়াক ৰখা হৈছিল ৩০২ নম্বৰত৷ বলাৎকাৰৰ অপৰাধ ইয়াতকৈও পিছত আছিল৷ কিন্তু আমি মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধেৰেই আৰম্ভ কৰিছোঁ৷ আমি দলবদ্ধ বলাৎকাৰৰ ক্ষেত্রত আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা ৰাখিছোঁ৷ যদি ভুক্তভোগী নাবালিকা হয়, তেন্তে মৃত্যুদণ্ডৰো শাস্তি ৰখা হৈছে৷ মিছা প্রতিশ্রুতি আৰু পৰিচয় গোপনে ৰাখি শাৰীৰিক সম্পর্ক স্থাপনকো অপৰাধ হিচাপে এতিয়াৰে পৰা গণ্য কৰা হ’ব৷ ভুক্তভোগীৰ ভাষ্য ৰেকর্ডিং–ভিডি’গ্রাফী বাধ্যতামূলক কৰা হৈছে৷ পীড়িতাৰ পৰিয়ালৰ সদস্যৰ উপস্থিতিতহে ভাষ্য গ্রহণ কৰিব লাগিব৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল– শূন্য এফ আই আৰৰ ব্যৱস্থা৷ যিকোনো আৰক্ষী থানাতে এফ আই আৰ দাখিল কৰিলে সেয়া অনলাইনযোগে সংশ্লিষ্ট থানালৈ প্রেৰণ কৰা হ’ব৷ নাৰীজনিত আৰু শিশুৰ বিৰুদ্ধে নতুন আইনত ৩৫টা ধাৰা থাকিব৷ যাৰ ১৩টাই নতুন আৰু বাকীসমূহ সংশোধিত৷ ভুক্তভোগীক সমাজৰ লজ্জাৰ পৰা বচাই ৰাখিবলৈও নতুন আইনত ব্যৱস্থা আছে৷

বহু সময়ত সাক্ষীৰ অভাৱত অভিযুক্তই বিচাৰ প্রক্রিয়াৰ পৰা সাৰি যোৱা দেখা যায়৷ এইক্ষেত্রত আধুনিক প্রযুক্তিবিদ্যাৰ যুগত ফৰেনছিক বিজ্ঞান এক গুৰুত্বপূর্ণ সমল হ’ব পাৰে৷ নতুন আইনত ফৰেনছিক বিজ্ঞানত কিদৰে গুৰুত্ব দিয়া হৈছে?

অমিত শ্বাহ : নতুন আইনত ইয়াৰ ওপৰতো আমি বহু ব্যৱস্থা ৰাখিছোঁ৷ ফৰেনছিক বিজ্ঞানক বাধ্যতামূলক কৰাটো সহজ৷ কিন্তু ইয়াৰ বাবে মানৱ সম্পদৰ আৱশ্যক৷ সেয়েহে আমি ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় চাৰি বছৰ পূর্বেই স্থাপন কৰিছোঁ৷ দেশৰ ৯খন ৰাজ্যত ইয়াৰ চৌহদ স্থাপন কৰা হৈছে৷ প্রতিবছৰে হাজাৰৰ সংখ্যাত ইয়াৰ পৰা মানৱ সম্পদ ওলাব৷ তদুপৰি চৰকাৰৰ তৰফৰ পৰা প্রতিখন জিলাতে ম’বাইল ফৰেনছিক ভেন প্রদানৰ লক্ষ্য লোৱা হৈছে৷ ইতিমধ্যে দিল্লী, চণ্ডীগড় আৰু কর্ণাটকত ইয়াৰ সফল আৰম্ভণি কৰা হৈছে৷ তদুপৰি নতুন আইন অনাৰ পূর্বেই আমি ‘নাফিছ’ নামেৰে এটা ছফ্টৱেৰ বনাইছোঁ৷ এই ছফ্ৱেৰত সমগ্র দেশৰে প্রায় কোটিৰ ঘৰত অপৰাধীৰ ফিংগাৰপ্রিণ্ট আছে৷ পূর্বতে কোনো অপৰাধ হ’লে আৰক্ষীয়ে ৮–১০জন লোকক গ্রেপ্তাৰ কৰি ফিংগাৰপ্রিণ্ট সংগ্রহ কৰে আৰু সেয়া মিলাই চায়৷ এতিয়া এনেধৰণৰ প্রক্রিয়াৰ প্রয়োজন নাথাকিব৷ ‘নাফিছ’ত থকা ফিংগাৰপ্রিণ্ট মিলালেই হ’ল৷ এইক্ষেত্রত সাক্ষীৰো প্রয়োজন নহ’ব৷ সাক্ষীৰ অভাৱত অপৰাধী সাৰি যোৱাতো এনেদৰে প্রযুক্তিৰ ব্যৱহাৰ কৰি আমি ৰোধ কৰাৰ প্রয়াস কৰিছোঁ৷ লগতে ফৰেনছিক বিজ্ঞান আৰু চিকিৎসকৰ সাক্ষ্যও অনলাইনযোগে হ’ব৷ ইয়াৰ ফলত সময় লাঘৱ হোৱাৰ উপৰি বিচাৰ প্রক্রিয়া ক্ষিপ্রতৰ হ’ব বুলি ক’ব পাৰি৷

দেশৰ সার্বভৌমত্ব–একতা–সংহতিয়ে নতুন আইনত কেনেধৰণে প্রাধান্য লাভ কৰিছে?

অমিত শ্বাহ : ন্যায় সংহিতাত আমি তিনিটা নতুন বিষয় সন্নিৱিষ্ট কৰিছোঁ৷ প্রথমতে সংগঠিত অপৰাধ সন্দর্ভত পুৰণি আইনত কোনো ব্যাখ্যা নাছিল৷ ১২০ (বি) ধাৰাৰ অধীনতে বিষয়টো ৰখা হৈছিল৷ কিন্তু আমি সংগঠিত অপৰাধৰ নতুন ব্যাখ্যা আগবঢ়াইছোঁ৷ দ্বিতীয়তে, দেশদ্রোহৰ নতুন ব্যাখ্যা সন্নিৱিষ্ট কৰা হৈছে৷ তৃতীয়তে, সন্ত্রাসবাদৰো ব্যাখ্যা নতুন আইনত সন্নিৱিষ্ট কৰিছোঁ৷ সন্ত্রাসবাদৰ বিৰুদ্ধে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ যি শূন্যসহনশীল নীতি তাৰ অধীনত সুন্দৰভাৱে ব্যাখ্যা আগবঢ়োৱা হৈছে৷ পুৰণি ৰাজদ্রোহৰ পৰিৱর্তে এতিয়া দেশদ্রোহ অনা হৈছে৷ যিয়ে দেশৰ একতা আৰু অখণ্ডতাক বিঘ্নিত কৰিব, তেনে ব্যক্তিৰ ওপৰত কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব৷ অর্থাৎ ইয়াৰ দ্বাৰা সংগঠিত অপৰাধ, সন্ত্রাসবাদ, দেশদ্রোহকে ধৰি মানৱ সৰবৰাহ, বিত্তীয় অপৰাধ আদি সকলোবোৰ বিষয় আমি সমাহিত কৰিছোঁ৷ ভাৰতৰ সার্বভৌমত্ব–একতা–সংহতি নিৰাপত্তাৰ প্রতি ভাবুকি কঢ়িয়াই অনা কার্যক এতিয়াৰে পৰা সন্ত্রাসবাদ হিচাপে শ্রেণীভুক্ত কৰা হৈছে৷ য’ত শাস্তি হিচাপে থাকিব মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড৷

 এই প্রসংগত এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ– ৰাজদ্রোহ আৰু দেশদ্রোহৰ ধাৰণাৰ মাজত যথেষ্ট তফাৎ আছে৷ বিষয়টো নিশ্চিতভাৱে জনসাধাৰণে অৱগত হ’ব বিচাৰিব–

অমিত শ্বাহ : হয়, ৰাজদ্রোহ আৰু দেশদ্রোহৰ মাজত যথেষ্ট পার্থক্য আছে৷ পূর্বে চৰকাৰৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰাটোকেই দেশদ্রোহ হিচাপে গণ্য কৰিবলৈ যথেষ্ট আছিল৷ আমি ইয়াৰ পৰা ‘ৰাজ’ ধাৰণাটো আঁতৰাই এনে অপৰাধটোক কেৱল ‘দেশদ্রোহ’ৰ সৈতে জড়িত কৰিব বিচাৰিছোঁ৷ যিয়ে ভাৰতৰ ঐক্য আৰু সার্বভৌমত্বৰ বিৰুদ্ধে যায়, তেনে ব্যক্তিক ৭ বছৰৰ কাৰাদণ্ড বিহা হয়৷ এই আইনখনৰ অপব্যৱহাৰৰ কোনো ব্যৱস্থাই আমি ৰখা নাই৷ দেশৰ বিৰুদ্ধে যোৱা কোনো ব্যক্তিকে আমি ৰেহাই নিদিওঁ৷

গণপ্রহাৰৰ বিষয়টোও নতুন আইনত সন্নিৱিষ্ট কৰা হৈছে৷ এই সম্পর্কত আপোনাৰ ব্যাখ্যা?

অমিত শ্বাহ : মই জনাবলৈ পাই সুখী হৈছোঁ যে নতুন আইনৰ জৰিয়তে প্রথমবাৰৰ বাবে গণপ্রহাৰৰ সংজ্ঞা আগবঢ়োৱা হৈছে৷ গণপ্রহাৰৰ ক্ষেত্রত বেছিভাগ ভুক্তভোগীয়ে হ’ল চোৰ৷ দ্বিতীয় সর্বাধিক ভুক্তভোগী হৈছে অন্ধবিশ্বাসৰ কৱলত পৰি ডাইনী সন্দেহ কৰি লোৱা ব্যক্তি৷ আমাৰ চৰকাৰে সকলোবোৰ অপৰাধ কঠোৰ হাতেৰে দমন কৰিবলৈ প্রতিশ্রুতিবদ্ধ৷ গণপ্রহাৰৰ দৰে অপৰাধৰ ক্ষেত্রত আমি বিশেষ ধাৰা প্রস্তুত কৰিছোঁ৷ যাৰ জৰিয়তে ১০ বছৰ পর্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা আছে৷ মুঠৰ ওপৰত আমি সমগ্র ন্যায় ব্যৱস্থাটো ভুক্তভোগীকেন্দ্রিক কৰিব বিচাৰিছোঁ৷ এতিয়া ভুক্তভোগীয়ে অধিবক্তা ৰখাৰ লগতে যুক্তি দর্শোৱাৰো অধিকাৰ পাব৷ মুঠৰ ওপৰত নাগৰিকৰ অধিকাৰ ৰক্ষা কৰাৰ বাবেই এই আইন অনা হৈছে৷ যাৰ বাবে ইয়াৰ নামেই হ’ল ন্যায় সংহিতা৷

You might also like