নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ কালিস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৮

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ ৰূপহীহাটৰ কালিস্থানত আজি পুৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। টেম্পো আৰু ছুইফ্ট বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত চাৰিচকীয়া বাহনখন পথৰ পৰা দ খাৱৈত ছিটিকি পৰে। দুৰ্ঘটনাত দুয়োখন বাহনত থকা ৮জনকৈ লোক আহত হয়। আহত লোকসকলক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা চুইফ্ট বাহনখৰ নম্বৰ হৈছে এ এছ-০২-এ এন-৯২৫২ আৰু টেম্পো খনৰ নম্বৰ হৈছে এ এছ-০২-ই-৪৪৩৩ ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like