এটুপি সুৰা… মিছামাৰীত ১০ টকাৰ চুলাইৰ কাৰণে পত্নীক হত্যা স্বামীৰ
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ স্বামীৰ হাতত পত্নী তথা পত্নীৰ হাতত স্বামীৰ মৃত্যু নতুনত্ব নহয়৷ সুৰাৰ ৰাগীত মাতাল, পৰকীয়া প্ৰেমত আবদ্ধ হোৱা লোকসকলৰ মাজত এইবোৰ ঘটনা প্ৰায়েই সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ৷ শোণিতপুৰ জিলাৰ মিছামাৰী থানাৰ অন্তৰ্গত বনগাঁও ৰূপাঞ্জলিত যোৱা ৮ নৱেম্বৰ নিশা তেনে এক বাস্তৱ ঘটনা ঘটে আৰু হৃদয়বিদাৰক ঘটনাটোৰ খবৰ আৰক্ষীয়ে পোৱাত পলম হোৱাত ঘটনাৰ বিতং তথ্য পলমকৈ পোহৰলৈ আহে ৷ আৰক্ষীৰ পৰা লাভকৰা তথ্য অনুসৰি ৮ তাৰিখৰ সন্ধিয়া স্বামী সন্তোষ মালী গাৱঁৰ পৰা ১০ টকাৰ চুলাই কিনি আনি ঘৰত থৈছিল আৰু চুলাইৰ বটলটো ঘৰত থৈ সন্তোষ মালী ওচৰতে ওলাই গৈছিল ৷ কিছু সময়ৰ পাছত ঘৰলৈ উভতি দেখে যে তেওঁ থৈ যোৱা চুলাই খিনি নাই অৰ্থাৎ বটলটো খালী হৈ পৰি আছে ৷ কেৱল পতি-পত্নী হালৰ বাহিৰে পৰিয়ালটোত আন সদস্য নাই ৷ গতিকে বটলৰ চুলাই খিনি পত্নী চিতল মালী পান কৰা বুলি সন্দেহ উপজে আৰু উগ্ৰমূৰ্তি ধাৰণ কৰি সন্তোষ মালীয়ে পত্নী চিতলৰ ওপৰত চৰ, ঘোচা এফালৰ পৰা সোধাই যায়৷ স্বামীৰ উপৰ্যুপৰি আক্ৰমণত পত্নী চিতল মালী (২৫) অচেতন হৈ পৰে আৰু চিকিৎসাৰ অভাৱত অৱশেষত ঘৰতে শেষ নিশ্বাস ত্যাগ কৰে ৷ কালি মিছামাৰী থানাৰ আৰক্ষীয়ে উক্ত হৃদয়বিদাৰক ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা মৃত চিতল মালীৰ মৃতদেহ উদ্ধাৰ কৰাৰ উপৰি স্বামী সন্তোষ মালীক আটক কৰি থানালৈ লৈ আহে৷ আৰক্ষীয়ে থানাত সন্তোষ মালীক সোধপোছ কৰাত সি ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰাত পত্নী হন্তা সন্তোষ মালীৰ বিৰুদ্ধে থানাত গোচৰ পঞ্জীয়ন কৰাৰ উপৰি ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷ স্বামীৰ হাতত অমানৱীয় ভাৱে পত্নীৰ মৃত্যুৰ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে চৰকাৰে বিলাতী সুৰাৰ বিপনী খুলিবলৈ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ পাছৰেপৰা বৃহত্তৰ মিছামাৰী অঞ্চলত বিশেষকৈ চুলাইৰ প্ৰচলন গাঁৱেভূঞে ৰমৰমীয়া হৈ পৰিছে আৰু সুৰাপায়ী সকলে সুৰাৰ ৰাগীত পৰি ঘৰত অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে আৰু আন একাংশ ন ন অচিন ৰোগত ভোগী অৱশেষত স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যুক আঁকোৱালি লৈ আহিছে ৷
প্ৰেৰক বগা তপ্ন