নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত ৰে’লে মহটিয়ালে চাৰিচকীয়া বাহন, সংকটজনক অৱস্থাত এজন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আজি পুৱা ৭.২৫ বজাত মূৰ্কংচেলেকৰ পৰা ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লখনে চিমেন চাপৰি আৰক্ষী থানাৰ বিবাৰী সমীপৰ চেৰেণত এখন চাৰিচকীয়া বাহন মহটিয়াই নিয়ে।

অৰুণাচল প্ৰদেশৰ অল্ড ডেকা গাঁৱৰ বামু ৰিবা নামৰ ব্যক্তিজনে নিজৰ এ আৰ-০১ এল-৮৮০৪ নম্বৰৰ ডাষ্টাৰ গাড়ীৰে অৰুণাচল প্ৰদেশৰ চেৰেণ গাঁৱলৈ বুলি গৈ থাকোঁতে ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওঁতে মূৰ্কংচেলেকৰ পৰা আহি থকা যাত্ৰীবাহী ৰে’লখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ৰে’লৰ খুন্দাত বাহনখন প্ৰায় দহ মিটাৰ নিলগত উফৰি পৰে। সংকটজনক অৱস্থাত বাহনখনত চালক হিচাপে থকা বামু ৰিবাক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ নিয়া হয়।

উল্লেখ্য যে বামু ৰিবাই কাণত ম’বাইলৰ হেড ফোন লগাই গাড়ী চলাই যোৱাৰ ফলত ৰে’লখন অহাৰ শব্দ শুনি পোৱা নাছিল। চেৰেণৰ ৰেল ক্ৰছিঙত ৰে’ল গেট নথকাৰ ফলতেই ঘটনাটো সংঘটিত হ’ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

You might also like